কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আকালীākālīNoun
শিখ সম্প্ৰদায়-বিশেষ।
- আকালৰ ভাতNoun
মহা বিপদত পোবা উপযুক্ত সাহায্য; . যেনে- আকালৰ ভাত, অমাতৰ মাত।
relief obtained in great necessity
- আকাশākāśaNoun
মূৰৰ ওপৰৰ শূন্য; গমন
the sky
- আকাশ পথMaterial Noun
কোনো দেশৰ ওপৰেদি উৰণৰ বাবে নিৰ্দিষ্ট কৰা আকাশী পথ
an air route designated for flight over a country
- আকাশ- জালNoun
বনৰীয়া চৰাই পৰিবলৈ গছৰ ডালত বা ওখ বাঁহৰ খুঁটিত পাতি থোবা জাল
a kind of net suspended from branches of trees, etc., for catching wild birds
- আকাশ- পাতালNoun
সকলো ঠাই, যেনে-আকাশ-পাতাল মাৰি ফুৰিছে
- আকাশ-কুসুমNoun
অসম্ভব কল্পনা।
- আকাশ-পথNoun
আকাশ-মাৰ্গ; শূন্য-পথ; শূন্যৰ মাজেদি অহা-যোবা বাট
a path through the air
- আকাশ-বতাহAbstract Noun
আমাৰ চাৰিওফালৰ বিভিন্ন জীৱিত অথবা নিৰ্জীৱ বস্তু যিবিলাকে আমাৰ জীৱন ধাৰণত প্ৰভাৱ পেলাব পাৰে ৷
The external circumstances, conditions, and objects that affect existence and development.
- আকাশ-বাতিNoun
আকাশত বা ওপৰত লগোবা চাকি; কাতি মাহত দীঘল বাঁহত আঁৰি লগোবা চাকি
a light suspended from long bamboo-poles in the month of Kārtika by the Hindus
- আকাশ-বিদ্যাa.kax-bi.dyaAbstract Noun
যি বিদ্যাৰ দ্বাৰা বতৰৰ অবস্হা নিৰ্ণয় কৰিব পাৰি ৷
The scientific study of the atmosphere and of atmospheric conditions, especially as they relate to weather and weather forecasting.
- আকাশ-মণ্ডলNoun
ঘূৰণীয়া আকাশখন; বায়ু-মণ্ডল
the celestial sphere; the atmosphere
- আকাশ-মাৰ্গNoun
আকাশ-পথ
a path through the air
- আকাশগঙ্গাa.kax.gong.gaCommon Noun
আমাৰ সৌৰজগৎ থকা তাৰকাৰাজ্যখন৷
The galaxy containing the solar system
- আকাশপ্ৰান্তa.kax.pan.toAbstract Noun
আপাত দৃষ্টিত পৃথিৱী আৰু আকাশখনে পৰস্পৰ লগ লাগি থকা যেন লগা দৃশ্য
The apparent intersection of the earth and sky as seen by an observer
- আকাশবন্তিa.kax.bon.tiProper Noun
কাতি মাহত দীঘল বাঁহৰ ওপৰত লগোৱা চাকি ৷
Airborne paper lanterns traditionally found in some Asian cultures. They are constructed from oiled rice paper on a bamboo frame, and contain a small candle or fuel cell composed of a waxy flammable material. When lit, the flame heats the air inside the lantern, thus lowering its density causing the lantern to rise into the air. The sky lantern is only airborne for as long as the flame stays alight, after which the lantern floats back to the ground.It is also used in Kati Bihu in honour of Vishnu.
- আকাশবাণীNoun
ভাৰতৰ চৰকাৰী ৰেডিও অনুষ্ঠান।
- আকাশবাণী কেন্দ্ৰa.kax.ba.ni ken.droProper Noun
Station for the production and transmission of AM or FM radio broadcasts.
- আকাশবাতীa.kax.ba.tiProper Noun
কাতি মাহত দীঘল বাঁহৰ ওপৰত লগোৱা চাকি ৷
Airborne paper lanterns traditionally found in some Asian cultures. They are constructed from oiled rice paper on a bamboo frame, and contain a small candle or fuel cell composed of a waxy flammable material. When lit, the flame heats the air inside the lantern, thus lowering its density causing the lantern to rise into the air. The sky lantern is only airborne for as long as the flame stays alight, after which the lantern floats back to the ground.It is also used in Kati Bihu in honour of Vishnu.
- আকাশমণ্ডলa.kax.mon.dolAbstract Noun
স্বৰ্গ আৰু মৰ্ত্ত্যৰ মাজৰ অঞ্চল
the region between the earth and the heaven