কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কঁড়াল্kam̐ṛālIntransitive verb
ঠাল-ঠেঙুলি বা ওখৰা- মোখৰা গুচাই নিমজ কৰ্
to make smooth by removing branches or uneven parts
- কঁড়িয়াkam̐ṛiẏāIntransitive verb
শৰ মাৰ্ বা প্ৰহাৰ কৰ্; কাঁড় মাৰ্
to shoot with a arrow
- কঁৰাল্kam̐rālIntransitive verb
ঠাল-ঠেঙুলি বা ওখৰা- মোখৰা গুচাই নিমজ কৰ্
to make smooth by removing branches or uneven parts
- কঁৰিয়াkam̐riẏāIntransitive verb
শৰ মাৰ্ বা প্ৰহাৰ কৰ্; কাঁড় মাৰ্
to shoot with a arrow
- কইkaiAdverb
ক'লৈ; যেনে-"ৰহ ৰে বৰাহ ভূমি লৈয়া যাস কই" (ভাগবত
- ককবকাkok.bo.kaVerb-Intran.
পানীত ডুবাৰ পৰা বাচিবলৈ হাত-মূৰ জোঁকাৰি উঠিবলৈ চেষ্টা কৰ্
to struggle to get out of water to avoid drowning
- কক্ককাIntransitive verb
কুকুৰাৰ নিচনাকৈ শব্দ কৰ্
to cluck
- কক্বকাkakbakāIntransitive verb
পানীত পৰি বিবুদ্ধি হৈ ভালকৈ মাতিব-বুলিব নোবাৰি হাত-মূৰ জোকাৰি উঠিবৰ নিমিত্তে চেষ্টা কৰ্
to struggle to get out of water
- কঙ্কিয়াkaṅkiẏāTransitive verb
কঁকিয়া। যেনে-"কেশ কঙ্কিয়াবো জানো পৰম শোভন" (বিৰাটপৰ্ব্ব)।
- কচাkacāAdjective
টানি বা আঁটি বন্ধা; টান
tightly tied; hard
- কচালনিNoun; Adverb
কচালি কচালি।
- কচাল্kacālTransitive verb
ঘনে ঘনে লৰা; জোকাৰ্; যেনে-"হাতীয়ে গা কচালিছে"
to shake
- কচ্kacIntransitive verb
জৰী টানি বান্ধ্; আঁটি বান্ধ্; আঁট্; ; বি. কচা আঁটি বন্ধা।
to draw the string tight in binding
- কচ্ কচাIntransitive verb
গা জোকাৰি বা ধৰ্ ফৰাই থাক্; লৰচৰ কৰি থাক্; থিৰেৰে নেথাক্; গাত খজুবতি বোধ কৰ্
to be restless; to have sensation of pricking
- কচৰত্ko.so.rotVerbal Noun
পাৰদৰ্শিতা বঢ়াবৰ কাৰণে একেটা কামকে বাৰে-বাৰে কৰা।
repeat a work to improve skill.
- কছাkachāTransitive verb
কাপোৰ পিন্ধা
to cause to be dressed
- কটকটনিkot.ko.to.niVerbal Noun
পেট বা মূৰৰ ভিতৰত কিহবাই কামোৰাৰ দৰে হোৱা বিষ বা বেদনা
a biting sensation; a griping pain of abdomen or head
- কটলুৱাko.to.lu.waVerbal Adj.
কাটল বা ৰাজহ লগোৱা
having a tax levied upon
- কটাকটি কৰ্ko.ta.ko.ti korVerb-Trans.
+ বা x ৰ দৰে কোনো ৰেখা, ৰছী, পথ আদিক ভাগ কৰা বা এটাৰ/এদালৰ ওপৰেৰে আনটো/আনএদাল পাৰ হৈ যোৱা।
to devide by crossing or cutting; (of lines, roads etc.) to cross each other like + or x.
- কটাক্ষপাতko.ta.khyo.patVerbal Noun
পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |
A glance directed to the side; an oblique or sideways look