কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হচংhacamNoun
গুৰুত শৰণ লোবা; সৎসঙ্গ
initiation into religion through the agency of a priest or guru
- হজhaja
"হাজ" চোবাঁ।
- হজ যাত্ৰীhoj ja.triCommon Noun
হজলৈ তীৰ্থযাত্ৰা কৰি অহা লোক৷
Muslim who has made the pilgrimage to Macca
- হজবাhajabāAdjective
হজ কৰা, পৰিশ্ৰম কৰি খোবা চহা মানুহ; অশিক্ষিত আৰু সৰল
doing manual work; rustic
- হজমhajamaNoun
জীণ যোবা কাৰ্য্য
digestion
- হজুবালিNoun
হজুবাৰ কাম বা ব্যবসায়
manual labour
- হজুৰhajuraNoun
সম্মুখত বা আগত থকা মান্যলোকজন
the noble man present
- হজুৱা-বনুৱাho.ju.wa-bo.nu.waCommon Noun
যি ধন বা তেনে কোনো উপাৰ্জনৰ বাবে শাৰীৰিক শ্ৰম কৰে
one who does physical work for money and such other compensation
- হজৰত মহম্মদho.jo.rot mo.hom.modProper Noun
মুছলমান ধৰ্মৰ প্ৰবৰ্তক
The founder of Islam
- হজৰৎhajaratNoun
ইছলাম ধৰ্ম্মৰ মহাপুৰুষ; যেনে-"হজৰৎ মহম্মদ"
lalamic title of greatness
- হটকাসুৰho.to.ka.xurProper Noun
বিভিন্ন আখ্যান, কিংবদন্তি আৰু সিঁচৰতি হৈ থকা প্ৰাচীন স্মৃতিচিহ্নৰ সম্ভেদ মতে মহীৰংগ দানৱ প্ৰাচীন অসমৰ ৰজা আছিল আৰু পিছলৈ তেওঁৰ বংশৰ (দানৱ বংশ) ক্ৰমে হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰিছিল৷ দানৱ বংশৰ পাছত ঘটকাসুৰ সিংহাসনত বহে আৰু এটা নতুন বংশৰ পাতনি মেলে৷ ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়৷
According to a late text, Kalika Purana (c. 9th–10th century AD), the earliest ruler of Assam was Mahiranga Danav of the Danava dynasty, (three more Danav king is known - Hatakasur, Sambarasur and Ratnasur)which was removed by Naraka of Mithila who established the Naraka dynasty.Ghatakasur was father of Narakasur.
- হটনNoun
নিন্দা; গৰিহণা; . কৱদ
censure; reproach
- হটনিNoun
নিন্দা; গৰিহণা; . কৱদ
censure; reproach
- হটলাইনhot.la.inCommon Noun
বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি সকলৰ মাজত জৰুৰী কামৰ বাবে থকা পোনপটীয়া টেলিফৌন সেৱা/ লাইন৷
a special,direct telephone line between the heads of government of different countries for urgent communication.
- হট্টবিলাসিনীhot.to.bi.la.xi.niCommon Noun
a woman who engages in sexual intercourse for money
- হঠ-যোগhaṭha-yogaNoun
শাৰীৰিক কৱচ্ছ্ৰসাধ্য কৌশলাত্মক যোগবিশেষ; ইন্দ্ৰিয়াদিৰ সংযম কৰি কৰা যোগ বা আত্ম-চিন্তা
a particular form of abstract meditation
- হঠকাৰিতাho.tho.ka.ri.taAbstract Noun
ভৱিষ্যতৰ কথা চিন্তা কৰিব নোৱাৰা
the nature or quality of not having vision or foresight
- হঠকাৰীhaṭhakārīNoun
নাভাবি নিচিন্তি হঠাতে কাৰ্য্য কৰোঁতা; অবিমৱষ্যকাৰী; হঠকাৰিতা অবিমৱষ্যকাৰিতা।
- হঠযোগীNoun
ইন্দ্ৰিয় সংযম কৰি আত্মচিন্তা কৰা যোগী
an ascetic practising the abstract meditation called Hatha
- হণ্ডুৰাচhon.du.rasProper Noun
মধ্য আমেৰিকাৰ এখন দেশ।
Honduras, officially the Republic of Honduras, is a republic in Central America. It was at times referred to as Spanish Honduras to differentiate it from British Honduras, which became the modern-day state of Belize.