কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মইনাmaināNoun
পুহি শিকালে মানুহৰ মাত লোবা এবিধ শালিকা জাতিৰ চৰাই
the maina bird
- মইনা চৰাইmoi.na so.raiProper Noun
দক্ষিণ এছিয়াৰ পাহাৰীয়া অঞ্চলত উপলভ্য এবিধ চৰাই অসমত সুলভ।
The common hill myna (Gracula religiosa), sometimes spelled "mynah" and formerly simply known as hill myna, is the myna most commonly seen in aviculture, where it is often simply referred to by the latter two names. It is a member of the starling family (Sturnidae), resident in hill regions of South Asia and Southeast Asia
- মইনা ফুলmoi.na phulCommon Noun
বিভিন্ন আকৃতিৰ উজ্বল ফুল ধৰা এক শ্ৰেণীৰ গছ৷ অৰ্কিড (ইংৰাজী উচ্চাৰণ অ’কিড) বিভিন্ন প্ৰকাৰৰ আৰু কিছুমান প্ৰজাতি অতিশয় দুৰ্লভ৷
a plant with bright and colourful flowers of different shapes. There are different types of orchid and some of them are very rare.
- মইনা-গিৰিmainā-giriNoun
এবিধ লাহী ধান
a kind of fine paddy
- মইনাখোৰোংmoi.na.kho`.ro`ngProper Noun
গুৱাহাটী মহানগৰীৰ পশ্চিমত এখন সৰু ঠাই৷
Name of a small place in western part of greater Guwahati.
- মইনাপৰীয়াmoi.na.po``.ri.yaProper Noun
যোৰহাট জিলাৰ এখন গাঁও৷
A village in Jorhat district.
- মইনুল হকmoi.nul hokProper Noun
A well known Mime artist of Assam. He started acting in 1970 as a mono-actor and soon formed a group called "Sound and Comedy". A self-taught mime artist, Moinul soon discovered his hidden talents. He works with a vision and the themes that his repertoire highlights champion the marginalized moments of crises in diverse characters and gives them a graphic exactitude. Ranging over these areas he has given thousands of performances throughout the country and has succeeded in winning accolades everywhere. In 1991 he founded the "Mime Academy" where he willingly share his expertise and experience. This is the first institution for mime in the area of North-East India that has produced a number of mime actors, whose work has already shown results with great confidence.Moinul Haque is a Senior Fellowship holder in the field of mime from the Department of Culture, Government of India for his earnest, immense work with the children from the Deaf and Dumb School at Guwahati.Moinul has acted as a Resource person for the Center for Cultural Resources and Training, New Delhi, under the Central Government. Under the banner of this organization, he has given a number of lecture -demonstrations at the various places in India. Besides this, Moinul is a regular visiting expert for various acting institutions in the North-East of India.
- মইবৰmaibaraAdjective; Noun
কেবস নিজকে ডাঙৰ বা শুদ্ধ বুলি ভাবে; দাম্ভিক; অহংকাৰী
proud
- মইবৰ ভাবmoi.bor bhabAbstract Noun
মোৰ মোৰ বুলি ভবা কাৰ্য্য বা মানসিকতা |
An excessive regard for one's own talents or achievements; conceit, self-importance; acting with only one's own interests in mind.
- মইমতালিmaimatāliNoun
নিজ ইচ্ছামতে চলা গুণ; লোকৰ কথালৈ কাণ নকৰা স্বভাব; দম্ভ
obstinacy; self-conceit
- মইহানmaihānaNoun
ম'হৰ গৰাকী
a buffalo-owner
- মইহালmaihālaNoun
ম'হ-গুবাল
a buffalo-keeper
- মকটীয়াmakaṭīẏāNoun
এবিধ সৰু জাতিৰ ভলুকা বাঁহ।
- মকবুল ফিদা হুছেইনmok.bul phi.da hu.seinCommon Noun
মকবুল ফিদা হুছেইন (জন্ম- ছেপ্টেম্বৰ ১৭, ১৯১৫, মৃত্যু-জুন ৯, ২০১১) ভাৰতৰ এজন অতি জনপ্ৰিয় চিত্ৰশিল্পী৷ মুম্বাইৰ ছাৰ জে জে স্কুল অৱ আৰ্টছত চিত্ৰশিল্পৰ আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা হুছেইনে হিন্দী চিনেমা জগতত চিনেমাৰ পোষ্টাৰ আঁকি শিল্পী জীৱন আৰম্ভ কৰিছিল৷ স্বাধীনতাৰ পিছত বিগত শতিকাৰ ৪০ৰ দশকৰ শেষৰ ফালে তেওঁ বোম্বে প্ৰগতিবাদী শিল্পী গোটত যোগদান কৰে৷ ইউৰোপৰ বিভিন্ন দেশ, নিউয়ৰ্ক, টকিঅ’ আদিৰ বিখ্যাত আৰ্ট গেলাৰীত এম এফ হুছেইনৰ চিত্ৰই হাজাৰ হাজাৰ কলামোদীক ৰসৰ সাগৰত বুৰ যোৱাত সহায় কৰিছিল৷ অংকনৰ জগতৰ লগতে তেওঁ কেমেৰাৰে ছবি অঁকাৰ বাবে চেষ্টা কৰিছিল৷ ১৯৬৭ চনত নিৰ্মান কৰা তেওঁৰ প্ৰথমখন চিনেমা ’থ্ৰু দ্য মাইণ্ডঅৱ এ পেইণ্টাৰ’-এ বাৰ্লিন চলচিত্ৰ মহোত্সৱত ’গ’ল্ডেন বিয়েৰ বঁটা’ লাভ কৰিছিল৷ পৰৱৰ্তী কালত তেওঁ টাবুক নায়িকাৰূপে লৈ ’মীনাক্ষী : এ টেল অৱ থ্ৰী চিটিজ’ আৰু মাধুৰীক নায়িকাৰূপে লৈ ’গজগামিনী নিৰ্মান কৰিছিল৷ কলাৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰূপে হুছেইনক ১৯৫৫ চনত পদ্মশ্ৰী, ১৯৭৩ চনত পদ্মভূষণ আৰু ১৯৯১ চনত পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হয়৷ ১৯৮৬ চনত তেওঁক ৰাজ্যসভালৈ মনোনীত কৰা হয়৷ বিগত শতিকাৰ ৯০ৰ দশকত হিন্দু দেৱীক নগ্ন ৰূপত অংকন কৰাৰ বাবে হুছেইন বিতৰ্কৰ মাজত সোমাই পৰে৷ তাৰ পিছতে হিন্দু উগ্ৰবাদীৰ পৰা জীৱনৰ বাবে ভাবুকি অহাৰ কাৰণে হুছেইনে দেশ ত্যাগ কৰাৰ সিদ্ধান্ত লয়৷ তেওঁ ২০০৬ চনৰ পিছৰে পৰা ডুবাই আৰু লণ্ডনত থাকিবলৈ লয়৷ ২০১০ চনত তেওঁ কাটাৰৰ নাগৰিকত্বৰ বাবে আবেদন কৰে আৰু দেশখনে নাগৰিকত্ব প্ৰদান কৰে৷
Maqbool Fida Husain (17 September 1915 – 9 June 2011) commonly known as MF, was an eminent Indian painter. According to Forbes magazine, he has been regarded as the "Picasso of India".Husain was associated with Indian modernism in the 1940s. After a long career, in 1996, when Husain was 81 years old, controversy arose over paintings originally created in the 1970s which were interpreted by some as being anti-Hindu. After legal cases and death threats in his home country, he was on a self imposed exile from 2006. In January 2010, he was offered the citizenship of Qatar, which he accepted. Husain first became well-known as an artist in the late 1940s. In 1947, he joined the Progressive Artists' Group, founded by Francis Newton Souza. In 1952, his first solo exhibition was held at Zürich and over the next few years, his work was widely seen in Europe and the US In 1955, he was awarded the prestigious Padma Shri award by the Government of India. In 1967, he made his first film, Through the Eyes of a Painter. It was shown at the Berlin Film Festival and won a Golden Bear.M. F. Husain was a special invitee along with Pablo Picasso at the Sao Paulo Biennial in 1971. He has been awarded the Padma Bhushan in 1973 and was nominated to the Rajya Sabha in 1986. He was awarded the Padma Vibhushan in 1991. M F Husain died aged 95 on 9 June 2011 after being unwell for several months. He died at the Royal Brompton Hospital in London, and is due to be buried in the city on 10 June 2011.
- মকাmakāNoun
শকত; ডাঙৰ; যেনে-কটাৰীৰ নাল মকা হ'লে ধৰিবৰ অসুবিধা হয়
big
- মকামিলাmakāmilāNoun
পৰস্পৰ আলোচনা; পৰামৰ্শ
mutual discussion
- মকালmakālaNoun
এবিধ পাব-দীঘল বাঁহ।
- মকাল বাঁহmo.kal ba~hCommon Noun
ঘন, কাঁইটীয়া আখিৰে এবিধ ফোঁপোলা পাব দীঘল বাঁহ ৷
A species of spiny bamboo with relatively longer internode.
- মকুবাmakubāNoun
ভেঁটৰ চোপ; ভেঁটগুটিৰ ভঁৰাল
a seed-vessel of the water lily
- মকুৱাmo.ku.waProper Noun
ভেঁটৰ গোল আকৃতিৰ ফল৷ ইয়াৰ ভিতৰত সৰিয়হৰ দানাৰ দৰে সৰু সৰু বীজ থাকে৷ ইয়াক মানুহে খায়৷
A round shaped seed vessel of the water lily. Bearing tiny seeds like mustard seed inside it.