কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছত্ৰভঙ্গchatrabhaṅgaNoun
ৰজাৰ ৰাজ্য-নাশ; ৰাজ-ভগন
the loss of a kingdom; the deposition of a king
- ছদকাchadakāNoun
গালি; শাও; নিন্দা; গৰিহণা
curse; censure
- ছদ্মchadmaNoun
নিজক লুকাবলৈ লোবা আন আকৱতি বা বেশ
disguise
- ছদ্মনামsod.mo.namAbstract Noun
লিখকে ব্যৱহাৰ কৰা মিছা নাম বা উপনাম।
A fictious name assumed by an author.
- ছদ্মবেশNoun
নিজৰ আকাৰ ঢাকিবৰ নিমিত্তে লোবা আনৰ আকাৰ বা বেশ
disguise
- ছদ্মৰূপsod.mo.rupAbstract Noun
নিজা ৰূপ বা প্ৰকৃতি ঢাকিবলৈ ব্যৱহাৰ কৰা বাহ্যিক ৰূপ
outward semblance that misrepresents the true nature of something
- ছদ্মৱেশধাৰণVerbal Noun
আনক ঠগিবলৈ বা বিপথে পৰিচালিত কৰিবলৈ বেলেগৰ ৱেশ বা ৰূপ ধৰা কাৰ্য্য
the act of pretending to be someone else, with intent to mislead or deceive
- ছনchanaNoun
বছৰ
year
- ছনদchanadaNoun
ৰজাৰ হুকুম বা আদেশ থকা পত্ৰ
a charter; a formal written paper conferring or confirming titles, rights or privileges
- ছনেটchaneṭaNoun
চতুৰ্দশপদী কবিতা।
sonnet
- ছন্দchandaNoun
পদ্যৰ গঠন; আখৰৰ সংখ্যা আৰু উচ্চাৰণ দীঘল- চূটিৰ পৰিমাণ ঠিক কৰি কৰা নানা বিধৰ পদ্য-ৰচনা
metre; poetical measure
- ছন্দবৰ্জিত কবিতাAbstract Noun
নিয়মীয়া ছন্দ নথকা কবিতা
poetry that does not have a regular rhythm
- ছন্দুকchandukaNoun
কাঠৰ পেড়া
a box; a chest
- ছপাchapāNoun
ছাঁপা।
- ছপাখানাchapākhānāNoun
কিতাপ আদি ছপোবা ঘৰ।
- ছপাশালchapāśālaNoun
কিতাপ আদি ছপোবা ঘৰ।
- ছফাchaphāAdjective
পৰিষ্কাৰ; নিৰ্ম্মল
clean
- ছফাৰিchaphāriNoun
[বি. সুপাৰি] খাবলৈ শুকাই ৰখা গোটা তামোল
dry arecanut
- ছফ্টৱেৰsoft.werAbstract Noun
কম্পিউটাৰৰ যন্ত্ৰপাতিক ব্যৱহাৰযোগ্য কৰিবৰ বাবে প্ৰয়োজনীয় নিৰ্দেশৰ সমষ্টি
the programs, routines, and symbolic languages that control the functioning of the hardware and direct its operation.
- ছফৰchapharaNoun
ভ্ৰমণ
touring; journey