কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওকোলাokolāNoun
মুখৰপৰা ওকালি বা উলিয়াই পেলোবা বস্ত্ত
anything vomitted or thrown out from the mouth
- ওক্okNoun
বমি হোবাৰ শব্দ; বমি হোবাৰ ভাব; ওকালি।
- ওখokhaNoun
উচ্চ বা ওখ ঠাই
a high place
- ওখলokhalaNoun
মলি; গা বা কাপোৰৰ মল
dirt
- ওখুদMaterial Noun
ৰোগ নিৰাময় কৰিবলৈ ব্যৱহাৰ কৰা দ্ৰৱ্য
a substance used to cure diseases
- ওখোনokhonaNoun
মৰণা মাৰোঁতে খেৰ উজাৰি ইলুটি- সিলুটি কৰি দিয়া তিনি-চাৰি হাত দীঘল আৰু আগমূৰত ছয় আঙুলমান দীঘৰ বেঁকা আদি থকা এখণ্ড ভলুকা বাঁহৰ আগ
a one-pronged bamboo pitch- fork for turning up the paddy straw during the process of the grains being treaded out by cattle
- ওখোলokholaNoun
চিৰা, সান্দহ খুন্দোতে খুঁচৰি দিয়া বাঁহৰ ছলা; ৰোকোনা
a piece of pointed flat split bamboo for turning up fried rice when being pounded
- ওখয়Verb; Noun
ওখৰ পৰিমাণত; উচ্চতাত
in height
- ওঙ্কাৰoṅkāraNoun
ওঁ শব্দ বা মন্ত্ৰ। "ওঁ" চোবাঁ।
- ওচ-মোচoca-mocaNoun
হিত-অহিত; ভাল-বেয়া; উচিত-অনুচিত
propriety or becomingness of speech
- ওচিনাocināNoun
ঘৰৰ চালৰ পানীৰে তিতি থকা ঠাই; পানীপোতা
the ground just below the eaves of a house; eaves-drop
- ওচৰ-ঘৰীয়াo`.sor-gho.ri.yaCommon Noun
ঘৰৰ কাষতে বাস কৰা ব্যক্তি
a person who lives nearby
- ওজojaNoun
তেজ; বল; উৎসাহ
energy; power; enthusiasm
- ওজ-বাজoja-bājaNoun
ই-সি বস্ত্ত; বয়-বস্ত্ত; আবশ্যকীয় সামগ্ৰী
necessary articles; accessories
- ওজঃojaḥNoun
তেজ; বল; উৎসাহ
energy; power; enthusiasm
- ওজনojanaNoun
গধুৰৰ জোখ; ভাবৰ পৰিমাণ
weight
- ওজাojāNoun
কোনো বিদ্যাত বিজ্ঞ বা নিপুণ লোক; পণ্ডিত
one well-versed in any art; a teacher
- ওজাNoun
সঙ্গীতজ্ঞ।
- ওজা-ছাত্ৰojā-chātraNoun
ছাত্ৰসকলৰ মাজত যিজন শ্ৰেষ্ঠ তেওঁ।
- ওজা-পালিojā-pāliNoun
বিয়াহ গোবা মানুহৰ যোৰা [বিয়াহ গাওঁতে ওজাই থিয় হৈ ছেও ধৰি, হাতেৰে মুদ্ৰা দি পদ লগাই দিয়ে আৰু তেওঁৰ তলতীয়া অৰ্থাৎ পালিবিলাকে খুঁটিতাল বজাই দোহাৰত গায়]
a choir or party of singers