কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- -নিকৰ-nikaraNoun
সমুহ; -বিলাক; যেনে-"মধুকৰ-নিকৰ কৰয় মোহে মাৰি" (বৰগীত)।
- -নিধান-nidhānaNoun
ভঁৰাল, আধাৰ (আন শব্দৰ পাছত থাকে); যেনে-"দয়ানিধি"
a rreasure-house; a store-house
- -নিধি-nidhiNoun
ভঁৰাল, আধাৰ (আন শব্দৰ পাছত থাকে); যেনে-"দয়ানিধি"
a rreasure-house; a store-house
- -পুঙ্গব-puṅgabaNoun
আন শব্দৰ শেহত থাকি 'শ্ৰেষ্ঠ' অৰ্থ বুজোবা শব্দ; যেনে-নৰ-পুঙ্গব (নৰ-শ্ৰেষ্ঠ)।
- -বদ-badaNoun
বিধ
sort; kind
- -বধী-badhīNoun
বধ কৰোঁতা; প্ৰাণ মাৰোঁতা (অন্য শব্দৰ পাছত থাকে); যেনে-"গো-বধী"
a murderer
- -বৈছা-baichāNoun
বাৰ; বেলি; বচৰ; যেনে-"তিনিবৈছা আহিলো"
a turn; a time
- -ভতা-bhatāNoun
দকৈ বোকা থকা ঠাই
a pool of mud
- -মখা-makhāNoun
সমূহ; জাক; যেনে-"গৰুমখা"
a multitude; a herd
- -মনা-manāNoun
মনযুক্ত (আন শব্দৰ পাছত যোগ হয়) যেনে- উদাৰমনা
-minded
- -মেধ-medhaNoun
যজ্ঞ; যাগ (ই কোনো শব্দৰ পাছত বহি সেই ৰূপ যজ্ঞক বুজায়); যেনে-অশ্ব-মেধ; নৰ-মেধ
a sacrifice
- -সকল-sakalaNoun
শব্দৰ পাছত বহি বহুবচন বুজোৰা শব্দ; . সকলো সৰ্ব্ব; সমুদায়; আটাই
a word affixed to a word to denote plurality ; all; entire
- -সূত্ৰিতাNoun
কৰিম কৰিম বুলি পাছলৈ পেলাই থোবা স্বভাব।
- -হতীয়া-hatīẏāNoun
হাত থকা; কিলাকুটিৰপৰা মাজৰ আঙুলিৰ মূৰলৈকে হোবা জোখৰ পৰিমাণৰ; (এটা সংখ্যাশব্দৰ পাছত লগ লাগে); যেনে -"আঠহতীয়া টাঁৰ"
a cubit in length
- -ৰ-raNoun
ষষ্ঠী বিভক্তিৰ চিন; যেনে-"ৰামৰ"
a letter signifying the sixth case of grammatical inflextion
- -ৰুNoun
সাউদ; বেপাৰী
a merchant
- অ'ৰ-ত'ৰa'ra-ta'raPronoun
ইঠাইৰ সিঠাইৰ,
of this or that place
- অ-ফলাa-phalāNoun
অৰপৰা ঔ-লৈ লিখা থকা পাঠ
the vowels
- অ-বৰ্ণa-barṇaNoun
"অ" আখৰ।
- অ`টিজিম্Abstract Noun
এক প্ৰকাৰৰ বিকাশজনিত বিকাৰ, যাৰ লক্ষণসমূহ হ`ল মানুহৰ সৈতে কথা-বতৰা পতা বা কোনো ক্ৰিয়াৰ সঁহাৰি দিয়াত হোৱা অসুবিধা
a developmental disorder whose symptoms include difficulty in responding conventionally to people and actions and limited use of communication