কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডলুৱাdo.lu.waMaterial Noun
ধাতুৰ গুণাৰে কৰা আঙঠি এটাত এটা মণি ওলোমাই কাণৰ ফুটাত পিন্ধা অলঙ্কাৰ ৷
A kind of ear-ornament which is made up of an metal ring with a single bead.
- ডহডহীয়াḍahaḍahīẏāAdjective
স্হিৰ; নিশ্চিত; লৰ-চৰ নোহোবা; অলৰ
firm; decided
- ডাঁহেকিয়াda~.he.kiyaAdjective Adj.
পূৰঠ হৈ পকিবলগা হোৱা ফল-মূল ৷
Some fruit that is mature enough and beginning to ripen.
- ডাঁহেচিয়াḍām̐heciẏāAdjective
পূৰঠ হৈ পকিব লগা হোবা; পকিবলৈ ধৰা
beginning to ripen
- ডাঁহেচীয়াda~.he.siaAdjective Adj.
পূৰঠ হৈ পকিবলগা হোৱা ফল-মূল ৷
Some fruit that is mature enough and beginning to ripen.
- ডাং-কটাAdjective
লোকৰ ঘৰৰ দুবাৰ-ডাং কাটি ভিতৰলৈ সোমোবা; দুষ্ট
wicked
- ডাং-ঠেৰীয়াḍām-ṭherīẏāAdjective
ঢৰীয়া; মিহি নোহোবা
coarse
- ডাং-মুঠীয়াḍām-muṭhīẏāAdjective
ডঙুবা; ল'ৰা-ছোবালী নথকা; নিকণ্টকীয়া
having no children; single
- ডাংকটাdang.ko.taProper Adj.
অসৎ, দুষ্ট আৰ উদণ্ড স্বভাৱৰ |
Evil in principle or practice; deviating from morality; contrary to the moral or divine law; addicted to vice or sin; sinful; immoral; profligate.
- ডাইলḍāilaAdjective
বিষ থকা; বিষাল
poisonous
- ডাউকীয়াAdjective
ডাউক চৰাইৰ জঁৰ নিচিনা।
- ডাকলḍākalaAdjective
ভয়ানক; ভয়-লগা; ধ্বংসকাৰী (বাঘ, দেবতা আদি)
terrible; very destructive
- ডাকুḍākuAdjective
জেওৰা আদি ভাঙি শস্য খোবা আৰু ধৰিবলৈ গ'লে লৰ মৰা; চুৰুণী (গৰু-ছাগলী)
unruly (as cow or goat)
- ডাঙ্গৰdang.gorProper Adj.
সচৰাচৰ আকৃতিতকৈ বেছি আহল-বহল আকৃতিৰ।
of a size more than the average.
- ডাঙৰḍāṅaraAdjective
বৱহৎ; বৱহৎ আকাৰৰ
big; large
- ডাঠḍāṭhaAdjective
ঘন; পাতল বা সেৰেঙা নোহোবা
thick; dense
- ডাঠুবাḍāṭhubāAdjective
সাহিয়াল; মন বা বুকু ডাঠ
fearless; courageous
- ডাঠুৱাda.thu.waProper Adj.
বিপদ বা ভয়ৰ সন্মুখীন হ’ব বা মোকামিলা কৰিব পৰা সামৰ্থ্য থকা
able to face and deal with danger or fear
- ডাণ্টḍāṇṭaAdjective
দৱঢ়; যেনে-"অতিশয় বৰ ডাণ্ডঃ লোহাৰ নিহল পাণ্টঃ নাৰায়ণ দাসৰ ভৰিৰ খহিলা" (শঙ্কৰদেব-দ্বিজ ভূষণ)।
- ডাফলীḍāphalīNoun
ডফলা জাতিৰ তিৰোতা
a Daffla woman