কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘাগৰি-গঁতীয়াgha.go.ri-go~.tiyaProper Adj.
এফালে কান্ধৰ ওপৰৰপৰা আনফালে গাৰ দাঁতি বা কাষলতিৰ তলেদি ওলমাই।
extending from the shoulder on one side to the side of the body on the other.
- ঘাট-মাউৰাghāṭa-māurāAdjective
নিচেই সৰুতে মাক-বাপেক মৰি আশ্ৰয়হীন হোবা
deprived of parents while still a child
- ঘাটিghāṭiNoun
চকি; পহৰাৰ ঠাই
outpost
- ঘাটীghāṭīAdjective
কম; টুটা; তাকৰ; ন্যূন; যেনে-"জোখত
- ঘাতব্যVerbal Adj.
বধ কৰিবৰ যোগ্য
fit to be killed
- ঘাতসহনীয়ghat.xo.ho.niyoProper Adj.
নভঙাকৈ ৰূপ সলনি কৰিব পৰা, বিশেষকৈ সোণৰ দৰে কিছুমান ধাতুৰ এনে গুণ, যাৰ কাৰণে ইহঁতক হাতুৰীয়ে মৰিয়াই চেপেটা কৰিব কা তাঁৰৰ দৰে ভাঁজ দিব পাৰি ৷
able to undergo change of form without breaking, especially that quality of certain metal such as gold because of which it can be hammered out thin or can be drawn into wire
- ঘাতসহিষ্ণুghat.xo.his.nuProper Adj.
নভঙাকৈ ৰূপ সলনি কৰিব পৰা, বিশেষকৈ সোণৰ দৰে কিছুমান ধাতুৰ এনে গুণ, যাৰ কাৰণে ইহঁতক হাতুৰীয়ে মৰিয়াই চেপেটা কৰিব কা তাঁৰৰ দৰে ভাঁজ দিব পাৰি ৷
able to undergo change of form without breaking, especially that quality of certain metal such as gold because of which it can be hammered out thin or can be drawn into wire
- ঘাতাংকীয়gha.tang.ki.yoProper Adj.
ঘাতাংক সম্বন্ধীয়, ঘাতাংকৰ লগত জড়িত, ঘাতাংক ব্যৱহাৰ কৰি কৰা গণনা
of or relating to or using logarithms
- ঘাতুকAdjective
নিমৰমিয়াল; নিষ্ঠুৰ; নিৰ্দ্দয়; যেনে-"কেনে হেন বোলা ঘাতুক বাণী" (কীৰ্ত্তন)।
- ঘাত্যgha.tyoVerbal Adj.
বধ কৰিবৰ যোগ্য
fit to be killed
- ঘানাক-ঘুনুকghānāka-ghunukaAdjective
ঘুনুক-ঘানাক।
- ঘাৰুবাghārubāAdjective
বৰ দুষ্ট; অঘাইত
very wicked
- ঘাৰুৱাgha.ru.waProper Adj.
যি উৎপাত কৰি থাকে৷
badly behaved (used esp. in speaking to or about children)
- ঘিটমিটীয়াghit.mi.ti.yaProper Adj.
সাধাৰণতকৈ সৰু আকাৰৰ মানুহ, উদ্ভিদ অথবা জন্তু।
A person or plant or animal below natural size.
- ঘিটিৰ-মিটিৰghi.tir-mi.tirProper Adj.
সাধাৰণতকৈ সৰু আকাৰৰ মানুহ, উদ্ভিদ অথবা জন্তু।
A person or plant or animal below natural size.
- ঘিটিৰাghiṭirāAdjective
কঁটীয়া; চুটি-চাপৰ; বাঢ়িব নোবৰা
stunted in growth; dwarfed
- ঘিণ লগাAdjective
জঘন্য
hateful; loathsome
- ঘিণ-লগাghin-lo.gaProper Adj.
ঘিণ কৰিব লগীয়া বা যাক দেখিলেই ঘিণ ওপজে।
causing or able to cause nausea.
- ঘুকুচাghukucāAdjective
বেঁকা; কুঁজা; ঘোৰ-খোবা
bowed; bent; curved
- ঘুগুলাghugulāNoun
কোনো শস্য বা বস্ত্ত মাৰিলে, খঁচিলে বা খুন্দিলে তাৰপৰা ভাগি-ছিগি গুৰি হৈ ওলোবা জাবৰ
the crumbled pieces of anything; trash