কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মাহী কাট্māhī, kāṭIntransitive verb
পকাৰ পাছত বাহ বান্ধি লেটা নহৈ পোক হ [পলুৰ গাত মাখিয়ে কণী দিয়ে; সেই কণী ভিতৰত থাকোঁতেই পলুটো পকে আৰু বাহ বান্ধে কিন্ত্ত বাহটো সম্পূৰ্ণ নহয় আৰু লেটা বান্ধিব নোবাৰি পলুটো মৰি যায়; পাছ তাতে কণী জগি পোক হয়-তাকে মানুহে পলুৰ মাহী বূলি কয়।]
to become small maggots instead of forming a chrysalis
- মাহেAdverb
মাহেকত; প্ৰতি মাহে
monthly; per mensem
- মাহে মাহেAdverb
প্ৰত্যেক মাহত; প্ৰতি মাহে
every month
- মাৰ কিল কৰ্mar kil korVerb-Trans.
হাত বা কোনো অস্ত্ৰেৰে কাৰোবাক আঘাত কৰ্ ৷
Strike persistently and violently
- মাৰ বান্ধmar bandVerb-Intran.
To come together or combine, esp. for a common purpose or action
- মাৰ-পিট কৰ্mar-pit korVerb-Trans.
হাত বা কোনো অস্ত্ৰেৰে কাৰোবাক আঘাত কৰ্ ৷
Strike persistently and violently
- মাৰধৰ কৰ্mar.dhor korVerb-Trans.
হাত বা কোনো অস্ত্ৰেৰে কাৰোবাক আঘাত কৰ্ ৷
Strike persistently and violently
- মাৰুক-মনেmāruka-maneAdverb
বধ কৰোঁ বুলি; সাংঘাতিক-ৰূপে (নৰিয়া); যেনে-"এই ৰোগে তাক মাৰুক মনে ধৰিছে"
with intent to kill
- মাৰ্mārTransitive verb
বধ কৰ্; নষ্ট কৰ্; অন্ত কৰ্; নাইকিয়া কৰ্
to kill; to ruin; to put an end to
- মাৰ্Adverb
চিয়ঁৰি মাৎ
to call out loudly
- মাৰ্ যাVerb-Trans.
ক্ৰমান্বয়ে তললৈ গৈ অদৃশ্য হোৱা
to descend or to go down and gradually disappear (The Sun of any such celestial body)
- মাৰ্কা-মৰাmar.ka-mo.raVerbal Adj.
মালিকীস্বত্ব বুজাবলৈ গাত দাগ দিয়া।
marked with a branding iron to show ownership.
- মাৰ্জনা কৰ্mar.jo.na korVerb-Trans.
কাৰোবাক শাস্তি বা প্ৰতিশোধৰ পৰা ৰেহাই দিয়া
to excuse one from punishment or revenge
- মাৰ্জিত কৰmar.ji.to korVerb-Intran.
অধিক সংশোধন কৰ।
to improve an idea, method, system, etc. by making small changes.
- মাৰ্জ্mārjTransitive verb
পৰিষ্কাৰ কৰ্
to cleanse
- মাৰ্জ্জmārjjaTransitive verb
পৰিষ্কাৰ কৰ্
to cleanse
- মাৰ্জ্জনা কৰ্mar.jo.na korVerb-Trans.
কাৰোবাক শাস্তি বা প্ৰতিশোধৰ পৰা ৰেহাই দিয়া
to excuse one from punishment or revenge
- মিচিকিয়াmicikiẏāIntransitive verb
মিটিকিয়া; অলপকৈ হাঁহ্
to smile
- মিছলmi.solVerbal Noun
মিশ্ৰণ বা মিহলি কৰা প্ৰক্ৰিয়াৰ ফল।
the product of a mixing process.
- মিছাIntransitive verb
আঁক টানি থাক্; যেনে-সি আখৰ নিলিখি আঁকি-বাঁকি আছে
to scribble