← ফুৰি যাওক

মাৰ্

mār

অৰ্থ

1.

বধ কৰ্; নষ্ট কৰ্; অন্ত কৰ্; নাইকিয়া কৰ্

to kill; to ruin; to put an end to

সক. ধা.

2.

বন্ধ কৰ্; জপা

to stop; to close

সক. ধা.

3.

মৰিয়া; কোবা; কিলা; আঘাত কৰ্; কষ্ট দি

to beat; to strike; to afflict

সক. ধা.

4.

ডাঙৰ শব্দ কৰি বাহিৰ কৰ্ বা দূৰলৈ পঠিয়া; বলেৰে দূবলৈ পেলা; বলেৰে বা মৰিয়াই ভিতৰলৈ পঠিয়া বা সুমা; গতি কৰা; চলা

to use; to discharge; to cast or throw with force; to drive into; to put in action or motion

সক. ধা.

5.

ব্যবহাৰ কৰ্; চলা

to use; to handle

সক. ধা.

6.

মৰিয়াই বা গৰকি ঠাৰি বা বাহৰপৰা শস্য বেলেগ কৰ্

to thrash out from the straw

সক. ধা.

7.

মৰ্দ্দন কৰ্; মোহাৰি গুড়ি কৰ্ বা মিলা; তপত কৰি মিহলা

to crush; to grind and mix up; to boil and mix up

সক. ধা.

8.

প্ৰকাশ কৰ্; যেনে-"ধুন মাৰ্; গপ মাৰ্"

to display

সক. ধা.

9.

আঁতৰ কৰ্; যেনে-"গা মাৰি যাবা, তাক নুছুবা"

to keep apart

সক. ধা.

10.

অতিক্ৰম কৰ্; যেনে-"হাবি বননি মাৰি আহিলো"

to overcome

সক. ধা.

11.

যোগ দি (নিন্দাত); যেনে-"সি সদায় মেল মাৰি ফুৰে"

to attend; to join

সক. ধা.

12.

হেঁচি চিন দি; যেনে -"ছাপ মাৰ্"ঃ

to mark by pressing

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ