কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অধৰামৃতo.dho.ra.mritVerbal Noun
চুমা খোৱা কাৰ্য্য, ওঁঠেৰে কাৰোবাক স্পৰ্শ কৰা
the act of kissing somebody, a touch with lips
- অনতিপলমেanatipalameAdverb
অনতিবিলম্বে; পলম নোহোবাকৈ; সোনকালে
without much delay; soon
- অনতিবিলম্বেanatibilambeAdverb
বেছই পলম নোহাবাকৈ; শীঘ্ৰে
very soon; without much delay
- অনধিকাৰ-প্ৰৱেশo.no.dhi.kar-pro.bexVerbal Noun
স্বত্ব বা অধিকাৰ নোহোৱাকৈ আনৰ সা-সম্পত্তিৰ মাজলৈ সোমোৱা
entry to another's property without right or permission
- অনধিকৃতo.no.dhi.kri.toVerbal Adj.
অধিকাৰ বা দখল নকৰা
not possessed or occupied
- অনন্তAdverb
অবিৰত,
ceaselessly
- অনন্ত ধামলৈ গতি কৰ্o.non.to dha.mo.loi go.ti korVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- অনন্তৰo.non.torAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- অনন্তৰেAdverb
পাচত; ইয়াৰ পাচত
after this
- অনন্যমনেo.no.nyo.mo.neAdverb
অতি নিষ্ঠাৰে বা গভীৰ মনোযোগেৰে
with profound dedication
- অনবীকৰণীয়o.no’.bi.ko.ro.ni.yoVerbal Adj.
যাক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি
which can not be used more than once
- অনবৰতেo.no.bo.ro.teAdverb
সকলো সময়তে; যিকোনো সময়তে আৰু প্ৰতিটো ক্ষণতে
At all times; all the time and on every occasion.
- অনশন ধৰ্মঘ্টo.no.xon dhor.mo.ghotVerbal Noun
একো নোখোৱাকৈ কৰা বিৰোধ প্ৰদৰ্শন ৷
A deliberate refusal to eat, undertaken in protest against imprisonment, improper treatment, objectionable conditions, etc.
- অনা-কটাo.na-ko.taVerbal Adj.
নকটাকৈ বা এখনীয়াকৈ তাঁতত বৈ উলিওৱা
woven in handloom as one piece, without being cut
- অনাই-বনাইanāi-banāiAdverb
অকাই-পকাই; ঘূৰি-পকি; কাম-কাজ নোহোবাকৈ এনেই ঘুৰি ফুৰি; ব্যাকুল হৈ
roaming about without any object or carelessly
- অনাই-বনাই ফুৰ্o.nai-bo.nai.phurVerb-Intran.
কোনো নিৰ্দ্দিষ্ট উদ্দেশ্য বা গন্তব্য নোহোৱাকৈ ইফালে-সিফালে খোজ কাঢ়ি ফুৰ্
to walk around slowly in a relaxed way or without any clear purpose or direction
- অনাকাংক্ষিতo.na.kang.khi.toProper Adj.
যি কাম বা ঘটনা কৰাটো বা ঘটাটো উচিত নহয়৷
Something which is not welcome or acceptable
- অনাক্ৰান্তVerbal Adj.
যি আক্ৰান্ত হোৱা নাই
that which is not been affected
- অনাজালেanājāleAdverb
জূইৰ জাল বা তাপ নোহোবাকৈ
without being heated by fire
- অনাজৰিৰেAdverb
জৰি নোহোবাকৈ।