কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কঞ্জkañjaNoun
পদুম; যেনে-"নাভিকঞ্জ ৰঞ্জ অনুপাম" (ভটিমা)
a lotus
- কঞ্জনkon.jonProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- কঞ্জনাভkon.jo.nabhProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- কঞ্জৰkon.jorProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.
- কটংkaṭamNoun
টান বস্ত্তত টান বস্ত্তৰে খুন্দা বা মাৰ মাৰিলে হোবা শব্দ
an imitative word used to express the sound caused by striking a hard thing with another hard thing
- কটকটনিkot.ko.to.niVerbal Noun
পেট বা মূৰৰ ভিতৰত কিহবাই কামোৰাৰ দৰে হোৱা বিষ বা বেদনা
a biting sensation; a griping pain of abdomen or head
- কটকটীয়াkot.ko.ti.yaAbstract Noun
Very closely held, drawn so that it can not be easily circumvented, like tight security
- কটকিনালিkot.ki.na.liAbstract Noun
অৰ্থ খৰচ কৰিবলৈ টান পোৱা
the character of a person who lives in wretched circumstances in order to save and hoard money;
- কটকীkaṭakīNoun
এজন ৰজাই আন এজন ৰজাৰ লগত আবশ্যকীয় কথা-বাৰ্ত্তা ক'বলৈ পঠোবা দূত; ৰাজদূত; [আহোম ৰজাৰ দিনত ই এটা বিষয় আছিল; আৰু কাকতী, কটকী, খাওণ্ড, বৈৰাগী, এই চাৰিটা বিষয় সমান; কটকীৰ প্ৰধানজনক বৰকটকী বোলে।]
a royal messenger; an ambassador
- কটকী-তিতাkaṭakī-titāNoun
এবিধ বিদেশৰপৰা অনা তিতা
a kind of bitter root used as medicine
- কটগদ্kaṭagadNoun
যন্ত্ৰণা বা শান্তিলৈ অলপো কাণ নকৰা; কথা বা সম্বোধনলৈ মনোযোগ নকৰা; যেনে-"সি মাৰ বা কথালৈ কটগদ নকৰিলে
indifference or inattention to punishment or address
- কটনাkaṭanāNoun
বেচ লৈবা বেচিবলৈ সূতা কটা বা কাপোৰ বোবা কাৰ্য্য; বেচিবলৈ বোবা-কটা কাৰ্য্য
spinning yarn or weaving clothes for sale or wages
- কটপ্ কটপ্kaṭap, kaṭapNoun
টান মাটিৰ ওপৰত জোতা আদিৰে খোজ কঢ়াত বা ধেনু মৰাৰ সময়ত হোবা শব্দ।
- কটমটkaṭamaṭaNoun
লৰালৰিকৈ কষ্টেৰে কৰা চেষ্টা; যেনে-কটমট কৰি কতো ধৰে বাহু কান্ধে। কতো গোপী গেয়া মোহ দুয়া গলে বান্ধে (দশম)
a hurried and earnest effort
- কটলkaṭala
-বি. কাটল
a cess; tax
- কটহাবাঁহko.to.ha.ba~hCommon Noun
Bambusa tulda or Indian Timber Bamboo is considered to be one of the most useful of bamboo species. It is used extensively by the paper pulp industry in India. It can grow up to a height of 15 m, and a thickness of 8 cm.
- কটাkaṭā
কাটি পেলা; ছেদন কৰ্; ঘা লগা; . (সময়) অতিবাহিত কৰ্
to cut; to wound ; to spend (time)
- কটা-কটিNoun
পৰস্পৰে বা ইটোবে সিটোক কটা কাৰ্য্য
cutting or stabbing each other
- কটা-বান্ধkaṭā-bāndhaNoun
হাত দুখন পাছলৈ বা পিঠিৰ ফালে নি দিয়া বান্ধ; জন্ত্তৰ আগ-ঠেং দুটা আৰু চৰাইৰ ডেউকা দুটা পাছ ফাললৈ নি দিয়া বান্ধ
binding together the arms or forelegs behind the back; pinioning
- কটা-যোবাkaṭā-yobāNoun
গালি পৰা মাত; নষ্ট যোবা
a term of abuse; damned