কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খেয়ালিkhe.ya.liProper Adj.
অথিৰ স্বভাৱ থকা
characterized by caprice rather than reason; impulsive and unpredictable.
- খেৰাজkherājaAdjective
ৰাজহ লগোবা
assessed with revenue
- খেৰাজীkherājīAdjective
ৰাজহ লগোবা
assessed with revenue
- খেৰাপkherāpaAdjective
বেয়া; মন্দ; অনিষ্ট
bad; offensive
- খেৰীAdjective
খেৰেৰে ছোবা
thatched
- খেৰেচkherecaAdjective
অধম; নীহ; জঘন্য; কুন্ধচ
low; contemptible
- খেৰেপাkherepāAdjective
খিচনিৰপৰা ওলোবাৰ নিচিনা বেয়া গন্ধ-যুক্ত
bad or offensive smelling
- খোঁচৰkhom̐caraAdjective
কৰিবলৈ বা বুজিবলৈ টান; খুচুৰীয়া
difficult to do or understand
- খোকোৰা-দোদোৰাkhokorā-dodorāAdjective
ভগা-ফুটা; ভগা-ছিগা; কোনোঠাইত ভগা কোনো ঠাইত পোটোকা পৰা
brokem and battered; cracked and dented
- খোচ(ছ)মেজাজkhoca(cha)mejājaAdjective
প্ৰফুল্লচিত্ত।
- খোজনীয়াAdjective
খুজি বা এনেই খোবা
obtained gratis or by begging
- খোদkhodaAdjective
স্বয়ং; নিজে
one's self
- খোদিতkho`.di.toVerbal Adj.
যিটো খোদাই কৰা হৈছে ।
carve on a hard surface.
- খোনাkhonāAdjective
সহজে মাত নোলোবা; মাতোঁতে খোকোজা বা থকা- থমকা লগা
stammering
- খোপ-কটাkhopa-kaṭāAdjective
খাপ খাপকৈ খোপ লগাই কটা; যেনে-"খোপ কটা জখলা বা চুলি"
notched; with steps cut on the surface
- খোলkholaNoun
গাঁত; দ ঠাই
a cavity; a hollow
- খোলাkholāNoun
কোনো কোমল বস্ত্ত বেৰি থকা টান আবৰণ বা ঢাকনি; যেনে-"মূৰৰ খোলা; কণীৰ খোলা; নাৰিকলৰ খোলা; "
a skull; a shell
- খোলা-খুলিkholā-khuliAdjective
স্পষ্ট; ভালকৈ প্ৰকাশ কৰা; একণিকে ঢাকচুক নথকা
fully divulged; clearly expressed without any reservation
- খোলা-তাৰাkholā-tārāAdjective
বিৰক্তি জন্মোবা কথা কৈ মূৰৰ বিষ তোলা; ঘনে ঘনে বেজাৰৰ কথাকৈ অশান্তি বা আমনি কৰা (মানুহ)
teasing; vexing
- খোলাখুলিkho`.la.khu.liProper Adj.
ভালকৈ দেখা পোৱা বা চকুত পৰা৷
clearly seen, clearly apparent, capable of being noticed