কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সংসাৰsaṃsāraNoun
জগত
the world
- সংসাৰলীলাxong.xar.li.laAbstract Noun
পৃথিৱীত বাস কৰা কালত কৰা কাৰ্য্য ৷
one's activities upon the earth.
- সংসূচকxong.xu.sokAbstract Noun
কোনো বৈদ্যুতিক সংকেত, আধান বা বিকিৰণ ধৰা পেলোৱা ব্যৱস্থা বা যন্ত্ৰ |
Any device that receives a signal or stimulus (as heat or pressure or light or motion etc.) and responds to it in a distinctive manner.
- সংস্কাৰsaṃskāraNoun
শৰীৰৰ সংশোধন বা শুচি কাৰ্য্য; চূড়াকৰণ, গৰ্ভাধান, পুংসবন, সীমন্তোন্নয়ন, জাত-কৰ্স্ম, নামকৰণ, নিষ্ক্ৰমণ, অন্নপ্ৰাশন, উপনয়ন, বিবাহ-এই দহপ্ৰকাৰ কৰ্ম্ম কৰি. ওপৰ শ্ৰেণীৰ হিন্দুৰ গা শুচি কৰা কাৰ্য
purificatory rites or sacraments prescribed for the higher classes of Hindus.
- সংস্কাৰকxongs.ka.rokCommon Noun
যিয়ে চলি থকা ৰীতি-নীতি ভালৰ বাবে সলনি কৰে বা সলনি কৰিবলৈ চেষ্টা চলায়৷
One who changes or attempts to change the existing norm or custom for a betterment.
- সংস্কৃতxongs.kritProper Noun
পৃথিৱীৰ সবাতোকৈ পুৰণি ভাষা বিলাকৰ মাজৰ এটা আৰু ইণ্ডো য়ুৰোপিয়ান ভাষাগোষ্ঠীৰ অন্তৰ্গত৷ প্ৰাচীন ভাৰতত ইয়াৰ প্ৰচলন আছিল৷ বৈদিক সাহিত্য এই ভাষাতে ৰচিত৷ প্ৰায়বিলাক আধুনিক ভাৰতীয় ভাষাৰ উৎপত্তি সংস্কৃতৰে পৰা হোৱা৷
One of the most ancient languages of the world used in India and belonged to the Indo-European family of languages. Most of the modern Indian languages originated from it.
- সংস্কৃতিxongs.kri.tiAbstract Noun
কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি ৷
The attitudes and behaviour that are characteristic of a particular social group or organization. It is mainly related to the day to day life.
- সংস্ক্ৰিয়াxongs.kri.yaAbstract Noun
মৃত ব্যক্তিৰ শৰীৰ পোৰা বা পোতাৰ এক আনুষ্ঠানিক আৰু ধৰ্মীয় ৰীতি৷
a religious, ceremonial process of burning(cremating)or burying a dead person.
- সংস্কৰণsaṃskaraṇaNoun
আগতিকৈ ভালকৈ কৰা বা উলিওবা কাৰ্য্য; তাঙৰণ; উত্কৰ্ষকৰণ
the act of improving or reediting, as a book
- সংস্কৱতিsaṃskawatiNoun
বিদ্যা-শিক্ষা আদিৰপৰা পোবা উত্কৰ্ষ; কৱষ্টি
culture
- সংস্থাxongs.thaAbstract Noun
বহুতো ব্যক্তিয়ে পদ্ধতিগতভাৱে পৰস্পৰ সহায়-সাৰথি কৰাৰ উদ্দেশ্য গঠিত সংগঠন
A structure through which individuals cooperate systematically
- সংস্থানxongs.thanAbstract Noun
ধন আৰ্জি জীৱন নিৰ্বাহ কৰিবৰ বাবে কৰা কাম-কাজ
The activity one does for living or earning
- সংস্থাপকxong.stha.pokCommon Noun
যিয়ে স্থাপন কৰে অথবা কোনো অনুষ্ঠান আদিৰ ভেটি বা আধাৰশিলা স্থাপন কৰি যায়৷
One who establishes something or formulates the basis for something.
- সংস্থাপনxong.stha.ponAbstract Noun
কোনোবাক/কিহবাক কোনো কামত ব্যৱহাৰ কৰা কাৰ্য্য
an act or instance of employing or utilizing sb/sth.
- সংস্থিতিxong.sthi.tiAbstract Noun
প্ৰাণী আৰু উদ্ভিদে উপযুক্তভাৱে খাপ খাই পৰা কোনো পৰিস্থিতিতন্ত্ৰৰ বিশেষ অৱস্থান৷
the position or function of an organism in a community of plants and animals.
- সংস্থিতি বিজ্ঞানxongs.thi.ti bi.gyanAbstract Noun
কোনো বস্তুৰ ধাৰাবাহিক ভাৱে বিকৃতি ঘটালে, তাৰ স্থান সম্পৰ্কীয় গুণাগুণ কি পৰিবৰ্তন হব- সেইয়া আলোচনা কৰা গণিতৰ শাখা।
Topology is a branch of mathematics concerned with spatial properties that are preserved under continuous deformations of objects.
- সংস্পৰ্শxong.spor.xoVerbal Noun
দুটা বা ততোধিক বস্তৰ, ঘটনা অথবা মানুহৰ মাজত থকা সম্পৰ্ক|
A relation between things or events (as in the case of one causing the other or sharing features with it).
- সংস্হাsaṃshāNoun
ব্যাবস্হা; উপায়।
- সংস্হানsaṃshānaNoun
সংহতি; ভাল উপায়; আশ্ৰয়; থান-থিত লগাই দিয়া কাৰ্য্য
a good arrangement or provision; ; protection.
- সংস্হাপনsaṃshāpanaNoun
খোবা বা পতা কাৰ্য্য; স্হাপন; . বিণ. সংস্হাপিত।
the act of establishing or placing