কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বছৰেকNoun
এক বছৰ; এবছৰ
one year
- বছৰেকীয়াAdjective
এবছৰ বয়সৰ
one year old
- বছৰেকীয়া শ্ৰাদ্ধbo.so.re.kiya srad.dhoAbstract Noun
মৃতকৰ আত্মাৰ সদগতি কামনা কৰি প্ৰতি বছৰে অনুষ্ঠিত কৰা মাঙ্গলিক অনুষ্ঠান
annual ritual performed wishing enternal peace of the departed soul
- বজালbajālaNoun
এবিধ সৰু আৰু বৰ ফোঁপোলা গাৰে বনৰীয়া বাঁহ
a kind of thin wild bamboo
- বজালীbo.ja.liProper Noun
বৰপেটা জিলাৰ এক বৃহৎ অঞ্চল আৰু মহকুমা৷
A place and subdivision of Barpeta district.
- বজাৰbajāraNoun
বস্ত্ত বেচা-কিনা ঠাই; হাট
a market
- বজাৰ কৰাbo.jar ko.raVerbal Noun
বজাৰত বস্তু কিনা কাৰ্য্য
The act of buying items in a market.
- বজাৰ মূল্যbo.jar mu.lyoAbstract Noun
কোনো ব্যৱসায়, সম্পত্তি আদিৰ মুকলি বজাৰত বিক্ৰী কৰাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা মূল্য
the value of a business, property, etc., in terms of what it can be sold for on the open market
- বজ্ৰbajraNoun
ইন্দ্ৰৰ প্ৰধান অস্ত্ৰ
the thunder-bolt of Indra
- বজ্ৰকীটNoun
বৰ টান আৰু চোকা টান দাঁত থকা এবিধ পোক; উঁই
the white ant
- বজ্ৰগুণনboj.ro.gu.nonVerbal Noun
দুইপক্ষৰ ভগ্নাংশৰ হৰৰ সাধাৰণ গুণিতকেৰে দুয়োটা পক্ষক পূৰণ কৰি সমীকৰণ এটাৰ পৰা ভগ্নাংশ আঁতৰোৱা বা নাইকিয়া কৰা পদ্ধতি।
the mathematical process of removing fractions from an equation by multiplying each side by the common multiple of the denominators of the fractions of the opposite side.
- বজ্ৰচৰ্মাboj.ro.sor.maCommon Noun
আফ্ৰিকা আৰু এছিয়াত বাস কৰা ৰাইন’চেৰ’টিডি পৰিয়ালৰ অন্তৰ্গত এটা বা দুটা খড়্গ থকা স্তন্যপায়ী জন্তু; সকলো গঁড়েই লুপ্তপ্ৰায় প্ৰাণী৷ এখৰ্গীয়া গঁড় কেৱল অসমতহে পোৱা যায়।
any of several large, thick-skinned, perissodactyl mammals of the family Rhinocerotidae, of Africa and India, having one or two upright horns on the snout: all rhinoceroses are endangered. One horned Rhino is endemic to Assam.
- বজ্ৰধৰNoun
ইন্দ্ৰ
Indra
- বজ্ৰধৰ্boj.ro.dhorProper Noun
স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷
The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism.
- বজ্ৰপাণিNoun
ইন্দ্ৰ
Indra
- বজ্ৰযানboj.ro.janAbstract Noun
তিব্বতীয় বৌদ্ধ পৰম্পৰাৰ এটা উল্লেখযোগ্য ধাৰা৷
While Vajrayana Buddhism is a part of Tibetan Buddhism in that it forms a core part of every major Tibetan Buddhist school, it is not identical with it. Buddhist scholar Alexander Berzin refers to ``the Mahayana and Vajrayana traditions of Tibetan Buddhism``.
- বজ্ৰলেপ
লেকেটা লাগি ধৰা; বৰ টানকৈ লাগি ধৰা; এৰুবাব নোবৰা
very tight; very firmly adhering
- বজ্ৰাংগboj.rang.goCommon Noun
বায়ু দেৱতাৰ দ্বাৰা অঞ্জনা নামে এজনী বান্দৰীৰ গৰ্ভত জন্ম হোৱা এটা বান্দৰ৷ হিন্দু ধৰ্মৰ মহাকাব্য ৰামায়ণত ৰামচন্দ্ৰৰ হৈ ৰাৱণৰ বিপক্ষে যুদ্ধ কৰে আৰু ৰাম ভক্ত হিচাপে সকলোৰে পূজনীয় হয়৷
Hanuman, known also as 'Anjaneya' (son of Anjana) is one of the most popular concepts of devotees of God (bhakti) (devotion to God) in Hinduism and one of the most important personalities in the Indian epic, the Ramayana. His most famous feat, as described in the Hindu epic scripture the Ramayana, was leading an army of monkeys to fight the demon King Ravana.
- বজ্ৰাগ্নিboj.rag.niAbstract Noun
আকাশত, ডাৱৰত খন্তেকীয়াকৈ হোৱা বিদ্যুতৰ চমকনি।
a brilliant electric spark discharge in the atmosphere, occurring within a thundercloud, between clouds, or between a cloud and the ground.
- বজ্ৰাঘাতNoun
বজ্ৰপাত।