কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাপাৰProper Adj.
সাধাৰণতকৈ সৰু আকাৰৰ মানুহ, উদ্ভিদ অথবা জন্তু।
A person or plant or animal below natural size.
- চাপৰcāparaNoun
আঙুলি মেলি হাতৰ তলুবাৰে কৰা আঘাত; ঢকা
a slap; a blow with the open hand
- চাফ চিকুণsaph si.kunProper Adj.
ধূলি-মাকতি বা অশুদ্ধতা নথকা
devoid of dirt or impurities
- চাফাcāphāAdjective
পৰিষ্কাৰ; নিৰ্মল
clean
- চাবতিয়ালcābatiẏālaAdjective
থাপতে বা অতি শীঘ্ৰে কাম কৰিব পৰা; নিপুণ; সুপটু
capable of doing quickly; skilled; dexterous
- চাবলcābalaAdjective
এঢলীয়া; কতীয়া; হেলনীয়া; আগুগৰীয়া
sloping
- চাবেকcābekaAdjective
আগৰ; পূৰ্ব্বৰ; পুৰাতন
previous; former
- চালনী-সৰকাcālanī-sarakāNoun
দুই বাহুৰে ওলমা-বাদুলি দি তাৰ ভিতৰেদি পাছ ফাললৈ ভৰি দুটা সৰকাই আলাসতে মৰা বাগৰ [ই ব্যায়ামৰ এটা অঙ্গ।]
a somersault made in the air by suspending oneself by one's arms from a horizontal bar and then turning the heels over the head
- চালপেনীয়াcālapenīẏāAdjective
চেলবেলীয়া; চেলেপু
talkative; prattling
- চালাকcālākaAdjective
চতুৰ; টেঙৰ; বুধিয়ক
cunning; artful; intelligent
- চালানীsa.la.niProper Adj.
থলুৱাভাৱে উত্পন্ন নোহোৱা| এটাইৰ পৰা আন এঠাইলৈ পঠোৱা পণ্য সামগ্ৰী
a product not produced locally; rather transported from elsewhere
- চালিকাsa.li.kaVerbal Adj.
কৰ্মোদ্যম জগাই তুলিব পৰা বা চলাই ৰাখিব পৰা
capable of stimulating activity or causing movement
- চালুকীয়াcālukīẏāAdjective
লৰি-চৰি ফুৰিব পৰা; অলপকৈ খোজ কাঢ়ি বা আঁঠু পাৰি ফুৰিব পৰা (ল'ৰা-ছোবালী)
just able to walk a little or go on all fours (as a child)
- চালে চকু-ৰোৱাsa.le so.ku-ro`.waVerbal Adj.
যাক দেখিলে মনত আনন্দ লাগে।
lovely or pleasing to behold.
- চালে-চকু-ৰোৱাsa.le-so.ku-ro`.waProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- চাহcāhaNoun
এবিধ বাম মাটিত হোবা সৰু গছ [ইয়াৰ কুমলীয়া পাত মাৰি শুকুবাই পানীত সিজাই তাৰ Aপানী খায়। চাহৰ কুঁহি-পাত মাৰি- কাটি, চালি-জাৰি কেইবাবিধো তৈয়াৰ কৰে; যেনে-চুচাং . পিকো . অৰেঞ্জ . ইত্যাদি]
tscha ; (Souchong) ; (Pekoe) ; (Orange) ; the tea plant; the manufactured tea leaf; Tea Assamica or Indica; camellia-theifera
- চাহাবীsa.ha.biProper Adj.
ইউৰোপীয় লোক বা চাহাবৰ দৰে, যেনেঃ চাহাবী কায়দা, চাহাবী ঢং
resembling an European
- চাহুৱাsa.hu.waProper Adj.
বাহিৰৰ পৰা অহা লোক যি খিলঞ্জীয়া নহয়
a person who comes to a country where they were not born in order to settle there.
- চাৰcāra
কোৰ, ঢেঁকী আদি গধুৰ বস্ত্ত ঘনে ঘনে দাঙি কৰা বহুত আঘাত বা খুন্দাৰ প্ৰত্যেকটো
a stroke given by raising a heavy thing, as a hoe
- চাৰণ পৰাcāraṇa, parāAdjective
ওচৰৰ ঠাইৰপৰা উটি অহা সাৰ পৰা; গোবৰ-জাবৰ পৰি সাৰুবা হোবা
fertilised by deposit of washings from neighbouring places