কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লেকাত লাগিAdverb
আহাৰ, নিদ্ৰা, ভাগৰ এৰি
continually without food, sleep or rest
- লেকেচিয়াlekeciẏāIntransitive verb
অলপকৈ খোৰাই খোজ কাঢ়্; পেঙুৰিয়া; লেঙুৰিয়া
to limp
- লেক্লেকাleklekāIntransitive verb
কেল্কেলা; লেবলেবা; লপ্লপা; বলক
to babble; to prattle
- লেক্লেকাlek.le.kaVerb-Intran.
নিৰৱচ্ছিন্ন ভাৱে অৰ্থহীন কথা ক
to speak non-stop without logic and consistency.
- লেখlekhVerb-Trans.
মুঠ সংখ্যা নিৰ্দ্ধাৰণ কৰিবলৈ এটা এটাকৈ পৰীক্ষা কৰি চোৱা
To check over (the separate units or groups of a collection) one by one to determine the total number
- লেখ-বুজlekh-bujVerbal Noun
বিৰতিহীনভাৱে আগবঢ়া প্ৰক্ৰিয়া; যেনেঃ কোনো আগ-গুৰি নোহোৱাকৈ পঢ়িছে।
continuous progression.
- লেখাNoun
লিখি উলিওবা কাকতখন; লিপি; কোনো চিঠি পত্ৰাদি (খন শব্দ পিছত থাকে); যেনে-ডাকত লিখা এখন দি পঠালে (বুৰঞ্জী)
a written paper; letter or document
- লেখীয়াকৈle.khi.ya.koiAdverb
done in the same method or steps of doing another task
- লেখ্lekhTransitive verb
লিখ্; আখৰৰ দ্বাৰা প্ৰকাশ কৰ্
to write
- লেঙুৰিয়াle.ngu.ri.yaVerb-Trans.
কোনো শাৰীৰিক আঘাত বা অক্ষমতাৰ বাবে দোপ লৈ খোজ কাঢ় |
Walk impeded by some physical limitation or injury.
- লেঙেৰিয়াle.nge.ri.yaVerb-Trans.
কোনো শাৰীৰিক আঘাত বা অক্ষমতাৰ বাবে দোপ লৈ খোজ কাঢ় |
Walk impeded by some physical limitation or injury.
- লেঙেৰীয়াIntransitive verb
পেঙেৰিয়া; লেকেচিয়া
to limp
- লেঙ্গেৰিয়াle.nge.ri.yaVerb-Trans.
কোনো শাৰীৰিক আঘাত বা অক্ষমতাৰ বাবে দোপ লৈ খোজ কাঢ় |
Walk impeded by some physical limitation or injury.
- লেচাৰlecāraAdjective
লালকাল
exhausted
- লেচিয়াleciẏāIntransitive verb
লেটিয়া; যেনে-ধুতিখন মাটিত লেচিয়াই গৈছে"
to trail along the ground
- লেছেৰি বোটলle.se.ri bo’.tolVerb-Trans.
দাৱনীয়ে শস্য কটাৰ পিছত লেছেৰি সংগ্ৰহ কৰা; বিভিন্ন উৎসৰ পৰা (কষ্টেৰে) তথ্য সংগ্ৰহ কৰা
to collect grain when the reapers have finished; to collect information, knowledge (sometimes with difficulty)from different places and sources
- লেছেৰি বোটলাle.se.ri bo’.to.laVerbal Noun
বিভিন্ন স্হান, উৎসৰ পৰা সংগ্ৰহ কৰি একেলগে ৰখা লাগতীয়াল তথ্য
pieces of useful information collected/gleaned from different places.
- লেছেৰি বোটল্Intransitive verb
পথাৰত এৰি যোবা ধানৰ থোক বুটলি আন্
to glean
- লেটপেটাTransitive verb
সানমিহলি কৰ্; এবিধৰ লগত আনবিধ লগ লগা; অলপীয়াকৈ বোকা আদি সান্
to mix up; to smear slightly
- লেটাleṭāNoun
পকি এটাই নিজৰ পেটৰ সূতা মেৰাই মেৰাই তাৰে বাহ সাজি তাৰ ভিতৰত থকা পলু বা সেই নিচিনা পোক
a chrysalis