কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অথনিকৈAdverb
আজিয়েই; কিছু সময়ৰ পাছে
after a short while to-day; a little afterwards
- অথনিয়েইo.tho.ni.yeiAdverb
আজি ভালেমান সময়ৰ আগেয়েই ৷
today but several hours ago.
- অথাকেathākeAdverb
অনবৰত; নেৰানেপোৰাকৈ
incessantly
- অথালি-পথালিকৈo.tha.li-po.tha.li.koiVerbal Adj.
কোনো শৃংখলা নোহোৱাকৈ।
in a disorderly manner.
- অদনo.donVerbal Noun
ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷
The act of consuming food.
- অদল-বদল কৰ্o.dol-bo.dol korVerb-Trans.
এটা বস্তুৰ সলনি আন এটা ল
to change one item with another
- অদল-বদলকৈAdverb
স্থানৰ সাল-সলনি হ`লেও একে কথা প্ৰযোজ্য৷
the positions being reversed the matters remain the same.
- অদাচিতেadāciteAdverb
আপোন ইচ্ছাৰে নোখোজা বা নিবিচৰাকৈ; আপত্তি নকৰাকৈ
of one's own accord; without objection
- অদীক্ষিতাo.di.khyi.taVerbal Adj.
দীক্ষা বা মন্ত্ৰ দান নকৰা বা কোনো ধৰ্ম বা পন্থাত অন্তৰ্ভুক্ত নকৰা।
not admitted into an organizaton or group, secret knowledge, etc.
- অদৃশ্য হo.dris.yo hoVerb-Intran.
চকুৰে দেখা পোৱাৰ পৰা আঁতৰ হ
to cease to exist; to go away from eye-sight
- অদ্যপিo.dyo.piAdverb
বৰ্তমান সময়লৈকে চলি থকা বুজাবলৈ ব্যৱহাৰ কৰা হয় |
Used to describe a situation that has existed up to this point or up to the present time.
- অদ্যপৰিমিতo.dyo.po.ri.mitAdverb
বৰ্তমান সময়লৈকে চলি থকা বুজাবলৈ ব্যৱহাৰ কৰা হয় |
Used to describe a situation that has existed up to this point or up to the present time.
- অদ্যাৱধিodya.bo.dhiAdverb
started long ago and continued to happend till today
- অদ্যাৱধিকৰণo.dya.bo.dhi.ko.ronVerbal Noun
সময়ৰ সৈতে খাপ খোৱাকৈ নতুনত্ব প্ৰদান কৰা কাৰ্য্য।
the act or process of bringing up-to-date.
- অদ্ৰুতo.dru.toVerbal Adj.
প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |
Taking relatively long time to do a thing
- অদৰকাৰতo.dor.ka.rotAdverb
প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷
in an unnecessary manner; without any necessity.
- অদৰকাৰীভাৱেo.dor.ka.ri.bha.beAdverb
প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷
in an unnecessary manner; without any necessity.
- অধক্ষেপণo.dho.khye.ponVerbal Noun
পানী বা আন কোনো জুলীয়া দ্ৰৱ্যৰ তলিত গোটা পদাৰ্থবোৰ জমা হোৱা প্ৰক্ৰিয়া ৷
The phenomenon of sediment or gravel accumulating.
- অধস্কৃতo.dhos.kri.toVerbal Adj.
যাক অনাদৰ বা অৱহেলা কৰা হয়
one, who or which is not paid attention
- অধিক-উত্পাদনক্ষমo.dhik-ut.pa.don.khyomVerbal Adj.
কৃষি বা উদ্যোগত বেছিকৈ উত্পাদন দিব পৰা
giving a large amount of agricultural or industrial production