কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছান্দনী-জৰীchāndanī-jarīNoun
জপিওবা গাই খীৰাওঁতে তাইৰ পাছ ভৰি দুটা মেৰাই বান্ধি লোবা জৰী
a string for tying the hind feet of a restive or shying cow when milking
- ছান্দি-বোকাchāndi-bokāNoun
কাপোৰেৰে বান্ধি লোবা বোকোচা
carrying a child in load tying it on the human back
- ছাপchāpaNoun
মহী সানি বা লা লগাই কোনো বস্ত্তৰ ওপৰত হেঁচা মাৰি আখৰৰ সাঁচ বহুওবা যতন; মোহৰ
a seal; a stamp
- ছাপ কটাchāpa, kaṭāNoun
কাকতত মৰা ছাপবোৰ কাটি ফুটোবা এবিধ চাকলি কটা তোঁহৰ
a punch for perforating stamped papers
- ছাপ-মোহৰchāpa-moharaNoun
ছাব [মৰা অৰ্থৰ প্ৰবলতা দেখাবৰ কাৰণ দুয়োটা একে অৰ্থৰ শব্দ যোগ কৰি ব্যবহাৰ কৰা হয়।]।
- ছাপনsa.ponProper Noun
পঞ্চাশতকৈ ছয় বেছি ৷
six more than fifty; the symbol denoting 56. (৫৬ in Assamese)
- ছাপাchāpāNoun
যি যন্ত্ৰেদি হেঁচি আখৰৰ সাচ বহুবাই পুথি আদি যুগুত কৰা হয়
a printing press
- ছাপাখানাchāpākhānāNoun
কিতাপ আদি ছপোবা ঘৰ।
- ছাবchābaNoun
মহী সানি বা লা লগাই কোনো বস্ত্তৰ ওপৰত হেঁচা মাৰি আখৰৰ সাঁচ বহুওবা যতন; মোহৰ
a seal; a stamp
- ছাব-পুতাইchāba-putāiNoun
সতি-সন্ততি; পো-নাতি
offspring; descendants
- ছাব-মোহৰchāba-moharaNoun
ছাব [মৰা অৰ্থৰ প্ৰবলতা দেখাবৰ কাৰণ দুয়োটা একে অৰ্থৰ শব্দ যোগ কৰি ব্যবহাৰ কৰা হয়।]।
- ছাবক্লেভিয়ান ধমনীMaterial Noun
অৱজক্ৰুক, ছাবক্লেভিয়ান ধমনী
অৱজক্ৰুক, ছাবক্লেভিয়ান ধমনী
- ছাবাchābāNoun
সাধাৰণতঃ জন্ত্তৰ পোবালি
the young one of a bird or animal
- ছাবাইছchābāichaNoun
ধন্যবাদ; প্ৰশংসা
thanks; praise
- ছাবাছchābāchaNoun
ধন্যবাদ; প্ৰশংসা
thanks; praise
- ছাবিছchābichaNoun
ছয় অধিক কুৰি; একুৰি ছয়
twenty-six
- ছাবিশchābiśaNoun
ছয় অধিক কুৰি; একুৰি ছয়
twenty-six
- ছাবুদchābudaNoun
প্ৰমাণ
a proof
- ছাবোনchābonaNoun
তেল আৰু ছাই, খাৰ মিহলাই কৰা, গা আৰু কাপোৰ ধোবা এবিধ বস্ত্ত
soap
- ছামিলchāmilaNoun
ভুক্ত কৰা
inclusion