কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একাহাৰekāhāraNoun
দিনে-ৰাতিয়ে এবাৰ মাত্ৰ কৰা আহাৰ।
- একাৰekāraNoun
এ আখৰ; . এ; ঘাইকৈ "ে" এই চিন্
the letter ; the symbol "ে"
- একাৱনe.ka.wonProper Noun
পঞ্চাশতকৈ এক বেছি ৷
one more than fifty; the symbol denoting 51. (৫১ in Assamese)
- একাৱলীe.ka.wo.liAbstract Noun
প্ৰতি শাৰীত এঘাৰটা আখৰ থকা এক ছন্দ
a rhyme with eleven letters in a line
- একীকৰণekīkaraṇaNoun
ঠাইত গোট খুওবা কাৰ্য্য; একে সমান কৰা কাৰ্য্য।
- একীভাৱe.ki.bhabAbstract Noun
এক বা একেলগ হোৱা অৱস্থা।
the state of being one or together.
- একুইডাক্টNoun
একুইডাক্ট/ জলৱাহিকা
একুইডাক্ট/ জলৱাহিকা
- একুতিekutiNoun
এটা ল'ৰা বা এজনী ছোবালী থকা তিৰোতা; যেনে-"একুতিৰ পুত্ৰ মই আইক পাৰিহৰোঁ" (মা. ক. অযোধ্যাকাণ্ড)
woman having only one child
- একুতীekutīNoun
এটা ল'ৰা বা এজনী ছোবালী থকা তিৰোতা; যেনে-"একুতিৰ পুত্ৰ মই আইক পাৰিহৰোঁ" (মা. ক. অযোধ্যাকাণ্ড)
woman having only one child
- একুৱাৰিয়ামMaterial Noun
এটা পানী থকা পাত্ৰ য’ত মাছ, কাছ, পানীত হোৱা ঘাঁহ-বান আদি বিনোদনৰ বাবে ৰখা হয়৷
A tank, bowl, or other water-filled enclosure in which living fish or other aquatic animals and plants are kept.
- একেআষাৰe.ke.a.xarAbstract Noun
in one voice; the same statement repeated
- একেদেউekedeuNoun
এজন মাথোন প্ৰধান আৰু উপাস্য দেবতা; এক অদ্বিতীয় ঈশ্বৰ; যেনে-"এক-দেউ এক-সেউ এক বিনে নাহি কেউ"
one Supreme Deity
- একেলুৱাe.ke.luwaPronoun
যি আকালত পৰিছে, তেনে |
One who is suffering in famine.
- একেশ্বৰবাদNoun
এজন মাথোন ঈশ্বৰ আছে বোলা মত
monotheism
- একেষাৰekeṣāraNoun
নিচেই অলপ কথা, এটা কথা বা মাত; এটা শব্দ
a word
- একৈকী ফলনNoun
একৈকী ফলন
একৈকী ফলন
- একৈশekaiśaNoun
একুৰি এটা; এক অধিক একুৰি
- একৈশ পুৰুষekaiśa, puruṣaNoun
অকহি পুৰুষ; পূৰ্ব্ব-পুৰুষসকল
ancestors
- একৈহekaihaNoun
একুৰি এটা; এক অধিক একুৰি
- একোekoAdjective
একমাত্ৰও; কোনো; অলপো; কিছু
slight