কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লাপিলুপাla.pi.lu.paProper Adj.
গুৰুত্ব দিব নলগীয়া, অদৰকাৰী (চিন্তা, বিষয়, বস্তু ইত্যাদি)।
not significant or serious, not worth considering.
- লাভ কৰাlabh ko.raProper Adj.
যিটো পোৱা হৈছে| দুটা বা ততোধিক ভেক্টৰৰ যোগফল বা লব্ধ মান (গণিত)গণিত|
one that is gained, reached or achieved. resultant of two more vectors.
- লাভজনকlabh.jo.nokProper Adj.
যি সম্পত্তি বা ধনৰ বৃদ্ধি কৰিব পাৰে; যাৰ পৰা আৰ্থিক লাভ হয়।
which leads to the increase of wealth or money.
- লাভান্বিতProper Adj.
received or obtained some kind of favor or advantage
- লাভৱানla.bho.wanProper Adj.
received or obtained some kind of favor or advantage
- লাল-কালlāla-kālaAdjective
শ্ৰম, টোপনি বা পীড়াৰ দ্বাৰা অচেতন বা বিহ্বল
insensible; exhausted
- লালকালlal.kalProper Adj.
দেহৰ শক্তি খৰচ কৰি পেলোৱাৰ কাৰণে অধিক কাম কৰিবলৈ অপাৰগ।
unable to work or act any more as energy has been spent already to do so.
- লালচীAdjective; Intransitive verb
লালচ কৰ্।
- লালায়িতlālāẏitaAdjective
বৰ বেছি আগ্ৰহ-যুক্ত; বৰকৈ হেঁপাহ কৰা।
- লালিতlālitaAdjective
যত্নেৰে সৈতে পালিত।
- লালিত-পালিতla.li.to-pa.li.toVerbal Adj.
যাক তুলি-তালি ডাঙৰ-দীঘল কৰা হৈছে
who has been nourished, supported or raised
- লালিতা-পালিতাla.li.ta-pa.li.taProper Adj.
নিজৰ সন্তানৰ দৰে তুলি লোৱা ৷
Taking into one's family through legal means and raise as one's own child.
- লালিমla.limProper Adj.
অলপ ৰঙা, আংশিক ৰঙা ৰঙেৰে বোলোৱা
somewhat red, tending to red or tinged with red
- লালী-নিছিগাAdjective
একে লালীয়ে বৈ বা চলি থকা; যেনে-"লালী-নিছিগা বৰষুণ"
continuous; incessant
- লালোডিঙিlāloḍiṅiAdjective
কোনো লেঠা বা জেঙাত পৰি হায়ৰাণ হোবা; গলগ্ৰহত পৰা
harassed; troubled
- লাস্যময়ীAdjective
যাৰ গতিত নৱত্যৰ আভাস আছে।
- লাহ-বিলাসপূৰ্ণlah-bi.lax.pur.noProper Adj.
উচ্চ মানবিশিষ্ট সুবিধাজনক।
very comfortable and of very high quality.
- লাহিlāhiAdjective
গা-পাতল লেহুকা; ঠৰঙা নোহোবা
slim; flexible
- লাহীlāhīAdjective
গা-পাতল লেহুকা; ঠৰঙা নোহোবা
slim; flexible
- লাহুদাংla.hu.dangProper Adj.
বয়স অনুপাতে বেছি হীষ্ট-পুষ্ট মহিলাক বুজাবলৈ ব্যৱহাৰ কৰা এক প্ৰকাৰৰ নাম৷
refers to a fat stout person, usually women, of mature age.