কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কান্ধুলিkāndhuliNoun
গাত সৰু সৰু বগা বাকলি থকা, চেপেটা, বুকুৰ ফালে বহল, নেজৰ ফালে চিয়াঁ এবিধ কাঁইটীয়া মাছ [ইয়াৰ বিশেষ গুণ এই যে-ই বন্ধ পানীতো কণী পাৰি পোনা জগায়; বয়সত এমুঠনমান দীঘল হয়।]
a kind of small flat fish; Notopterus kapirat
- কান্ধুলি-ছিটিকাNoun
কান্ধুলি মাছৰ পোবালি।
- কান্ধুলি-জপাkāndhuli-japāNoun
ঠেক ঠাইতে বহুত মানুহ বা বস্ত্ত জাপ খাই থকা
state of being closely crammed together
- কান্যকুব্জkānyakubjaNoun
কনৌজ দেশ; [বিশ্বামিত্ৰ ঋষি ইয়াত আছিল; এই ঋষিৰ পূৰ্ব্বপুৰুষ কুষধ্বজ ৰজাৰ এশ কন্যাৰ ৰূপত বায়ু দেবতা ভোল গৈ তেওঁবিলাকক পাবলৈ ইচ্ছা কৰি তেওঁবিলাকৰ ওচৰ চাপিল, কিন্ত্ত তেওঁবিলাকে তেওঁক নিৰাশ কৰিলেঃ তেতিয়া তেওঁবিলাকৰ কঁকালবোৰ ভাঙি কুঁজা কৰিলে; "কান্যকুন্জ নাম দেশ ভৈল সেহি ধৰি" (মা., আদিকাণ্ড)]।
- কান্হিkānhiNoun
কাঁথি। যেনে-"বিচিত্ৰ কষটিঃ কাটি শিলাকুটিঃ গৱহৰ বান্ধিলা কান্হি" (ৰুক্মিণী-হৰণ)।
- কাপkāpaNoun
বেতৰ আঁটি বা মুঠি [ইয়াত দহ চিৰা ফলা বেত থাকে]
a bundle containing 10 pieces of split cane
- কাপ-ঘৰাkāpa-gharāNoun
কলম বা কাপ থোবা চুঙা
a case for keeping pens
- কাপ-চেলেকাkāpa-celekāNoun
কাকতী; কেৰাণী।
- কাপ-জাপkāpa-jāpaNoun
কপট; ফন্দি; যেনে-"হৰিক সুমৰি ব্ৰহ্ম-মন্ত্ৰ কৰা জপ। কপট গৌতমে বোলে এৰা কাপ-জাপ" (আদিকাণ্ড)।
- কাপ-ঢেঁকীয়াkāpa-ḍhem̐kīẏāNoun
এবিধ ঢেঁকীয়া [ইয়াৰ মাটিৰেপৰা সৰু হৈ গোটা, তেলকলীয়া, তিনি-চাৰি হাত দীঘল ঠাৰি মেলি তাৰ মূৰত ঢেঁকীয়াৰ নিচিনা পাত মেলে; সেই ঠাৰি তাঁত-শালৰ শলি আৰু আন কামত ব্যবহাৰ হয়; আৰু তাৰে লিখিবলৈ কাপ কাটি লয়; কোনোবে ঢেঁকীয়া-শলি বোলে]
a kind of fern
- কাপট্যkāpaṭyaNoun
কপটতা; কুটিল ভাব; মূখত এক মনত আন ভাব
insincerity; fraud
- কাপালিকkāpālikaNoun
মানুহৰ লাওখোলাক আহাৰৰ পাত্ৰ হিছাপে ব্যবহাৰ কৰা, মদ-মাংস খোবা এবিধ তান্ত্ৰিক সন্ন্যাসী।
- কাপালীProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- কাপাহ্Common Noun
কোমল, বগা আঁহ আৰু তেলযুক্ত গুটিৰ বাবে খেতি কৰা গছিপিয়াম নামৰ প্ৰজাতিৰ জোপোহা গছ
Any of various shrubby plants of the genus Gossypium, having showy flowers and grown for the soft white downy fibers surrounding oil-rich seeds.
- কাপুৰMaterial Noun
প্ৰাকৃতিক বা কৃত্ৰিম আঁহেৰে বোৱা, গোঁথা আদি প্ৰক্ৰিয়াৰে তৈয়াৰী এক বস্তু৷
Fabric or material formed by weaving, knitting, pressing, or felting natural or synthetic fibers.
- কাপুৰুষkāpuruṣaNoun
অধম মানুহ; যাৰ মনুষ্যত্ব নাই
a mean fellow
- কাপুৰুষতাka.pu.ru.xo.taProper Adj.
পুৰুষৰ গুণৰ অভাৱ ৷
The trait of being effeminate (derogatory of a man).
- কাপুৰুষত্বka.pu.ru.xot.toAbstract Noun
সাহ পিত নথকা, সহজে হাৰ মনা৷
lack of or lacking courage.
- কাপুৰুষালিka.pu.ru.xa.liAbstract Noun
সাহ পিত নথকা, সহজে হাৰ মনা৷
lack of or lacking courage.
- কাপোৰkāporaNoun
বস্ত্ৰ; গাত লোবা আবৰণ
a cloth; a garment