কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মচাবিদাmo.sa.bi.daAbstract Noun
কোনো কামৰ বাবে কৰা পৰিকল্পনামূলক লিখনি অথবা চিত্ৰ
A preliminary sketch of a design or picture; any of the various versions in the development of a written work.
- মচিদ্macidNoun
মুছলমানৰ ঈশ্বৰ- উপাসনা কৰা ঘৰ
a mosque
- মচুৰmacuraNoun
এবিধ সৰু ৰঙচুবা বৰণৰ মাহ
lentil; Lens esculenta
- মচোবা গোমmacobā, gomaNoun
এবিধ ডাঙৰ, ক'লা, ফেঁট নথকা বিষাল সাপ
a kind of black snake
- মচৰ-মচ্ কুটিmacara-mac, kuṭiNoun
বিচাৰি পাব পৰা সকলো দৰব; নানা প্ৰকাৰ ঔষধ
even the most hidden medicines
- মছজিদmachajidaNoun
মুছলমানৰ ঈশ্বৰ- উপাসনা কৰা ঘৰ
a mosque
- মছন্দৰীmachandarīNoun
কোনো লোকৰ বিশ্বাসমতে মাছৰ জাকৰ ৰক্ষক-স্বৰূপে থকা এজনী কালিকা লগা মাছ বা জলকুঁবৰী
a mythical tutelary fish or mermaid living among shoals of fish
- মছলাmachalāNoun
বাখৰ; আঞ্জাত বা দৰবত দিয়া সুগন্ধি গুটি, পাত বা গছৰ ছাল আদি
spice
- মছলিনmachalinaNoun
এবিধ অতি মূল্যবান সূক্ষ্ম কাপোৰ।
- মজদুৰmajaduraNoun
শ্ৰমিক; শ্ৰমজীবী; মজুৰি লৈ কাম কৰা মানুহ
a labourer
- মজলিচmoj.lisAbstract Noun
কোনো এক সামূহিক উদ্দেশ্য আগত ৰাখি একেলগ হোৱা মানুহৰ সমাৱেশ ৷
A group of persons gathered together for a common reason, as for a legislative, religious, educational, or social purpose.
- মজলিছmajalichaNoun
সভা
a meeting; an assembly
- মজাmajāNoun
মজ্জা; কোনো বস্ত্তৰ ভিতৰৰ সাৰভাগ; শাহ
the pith; a corn or inner part of anything; the kernel of fruit etc
- মজাইকmo.jaikMaterial Noun
নানাৰঙী টুকুৰাৰে নিৰ্মিত ডিজাইন বা ৰূপাঙ্কণ অথবা চিত্ৰ। বিভিন্ন ধৰণৰ অংশেৰে গঠিত যিকোনো বস্তু।
a picture or design made with small coloured pieces or something consisting of a variety of components.
- মজাঠিmajāṭhiNoun
ৰঙা বৰণৰ এবিধ লতা [তাৰ ৰসেৰে মানুহে বস্ত্তত ৰঙা ৰং দিয়ে; ই ঔষধতো ব্যবহাৰ হয়।]
the Indian madder
- মজাৰলিmajāraliNoun
ক'লা কিন্ত্ত অলপ ৰঙচুবা বৰণৰ এবিধ পৰুবা
a kind of venomous ant
- মজিন্দাৰmajindāraNoun
ৰজা ঘৰৰ হিছাপ-পত্ৰ ৰখা আৰু ৰজাৰ হুকুমমতে আন দেশৰ ৰজালৈ চিঠি লিখা আৰু দেশৰপৰা অহা কাকত-পত্ৰ ৰজাক মাতি শুনোবা এজন বিষয়া
a private secretary to a king or the viceroy
- মজিয়াmajiẏāNoun
ঘৰৰ ভেটি; ঘৰত ভাত খোবা খোটালি
a floor etc.; dining room
- মজীৰmajīraNoun
মঞ্জীৰ; নেপূৰ; যেনে-"চৰণে মজীৰ ঝুৰে, উৰে হেমহাৰ" (বৰগীত)।
- মজুমদাৰmo.jum.darProper Noun
অসমকে ধৰি আন কোনো কোনো ৰাজ্যৰ কিছুলোকে ব্যৱহাৰ কৰা এক উপাধি৷
a surname in Assam, Bengal etc.