কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘাট মাউৰাghat mau.raCommon Noun
মাক-বাপেক নোহোৱা শিশু |
Child whose parents are dead
- ঘাটনghāṭanaNoun
ঘাটি; জগৰ; ত্ৰুটি; গুণৰ অভাব; যেনে-"এহি পদে ৰামৰ ঘাটন ভৈল আতি" (মা. ক., সুন্দৰাকাণ্ড)
drawback; shortcoming
- ঘাটিghāṭiNoun
চকি; পহৰাৰ ঠাই
outpost
- ঘাটুবৈghāṭubaiNoun
ঘাটৈ।
- ঘাটুৱৈgha.tu.woiProper Noun
নৈত মানুহ আদি পাৰ কৰিবলৈ ঘাট ডাকি লোৱা মানুহ আৰু ঘাটত নাৱেৰে মানুহ পাৰ কৰোঁতা |
A man who operates a ferry/boat to carry person from one side of the rive to other side of the river.
- ঘাটৈghāṭaiNoun
নৈত মানুহ আদি পাৰ কৰিবলৈ ঘাট ডাকি লোবা মানুহ; ঘাটত নাবেৰে মানুহ পাৰ কৰা মানুহ
a license of a ferry; a ferry-man
- ঘাটোবালghāṭobālaNoun
নৈত মানুহ আদি পাৰ কৰিবলৈ ঘাট ডাকি লোবা মানুহ; ঘাটত নাবেৰে মানুহ পাৰ কৰা মানুহ
a license of a ferry; a ferry-man
- ঘাটোৱালgha.to`.walProper Noun
নৈত মানুহ আদি পাৰ কৰিবলৈ ঘাট ডাকি লোৱা মানুহ আৰু ঘাটত নাৱেৰে মানুহ পাৰ কৰোঁতা |
A man who operates a ferry/boat to carry person from one side of the rive to other side of the river.
- ঘাটোৱাৰgha.to`.warAbstract Noun
অসমৰ চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত এটা উপাধি৷
A title among the tea tribes of Assam.
- ঘাণ্টিghāṇṭiNoun
মাছ-পাচলি মিহলাই জোল নোহোবাকৈ থপ্- থপীয়াকৈ সিজোবা এবিধ আঞ্জা; যেনে-"বড়ালীৰ ঘাণ্টি লাড়ি মৎস্যত মসুৰ" (কুমৰ- হৰণ)
a dry curry of fish and vegetables
- ঘাতghātaNoun
তাল-মৱদং আদিৰে গোবা গায়নৰ প্ৰতি আধ্যা বা ভাগৰ অন্তত এটাইবোৰ বাদ্য একেলগে বজাই মৰা সামৰণি; ঘেতা; গীত-বাদ্যৰ ছেদ; মান
simultaneous flourish or striking up all the musical instruments at the end of each division or part of musical performance
- ঘাত বলghat.balAbstract Noun
বল আৰু বলে ক্ৰিয়া কৰা সময়ৰ গুণফল
The product of the force and the time during which the force acts.
- ঘাত-বাদ্যMaterial Noun
হাত, লাঠি আৰু হাতুৰীৰে আঘাত কৰাৰ ফলত শব্দ সৃষ্টি হোৱা বাদ্যযন্ত্ৰ ৷
the family of instruments in which sound arises from the striking of materials with sticks, hammers, or the hands.
- ঘাত-বাদ্য বাদকCommon Noun
বিশেষকৈ সুৰ-বাহিনীত ঘাত-বাদ্য বজাওঁতা লোক ৷
a player of a percussion instrument, especially in an orchestra.
- ঘাতকNoun
নাশ কৰোঁতা; বধ কৰোঁতা; নষ্ট বা ভঙ্গ কৰোঁতা
a killer; breaker or destroyer
- ঘাতকীNoun
নাশ কৰোঁতা; বধ কৰোঁতা; নষ্ট বা ভঙ্গ কৰোঁতা
a killer; breaker or destroyer
- ঘাতনgha.tonVerbal Noun
কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য ৷
The act of terminating a life forcefully by someone.
- ঘাতস্থানAbstract Noun
কসাইবোৰে জন্তু/কুকুৰা আদি বধ কৰা ঘৰ |
A building where animals are killed/butchered for food.
- ঘাতাংকgha.tang.koAbstract Noun
গণনাৰ সুবিধাৰ কাৰণে তালিকাবদ্ধ কৰা গাণিতিক প্ৰক্ৰিয়াসমূহৰ এটা৷ ইয়াক log শব্দেৰে সূচোৱা হয়৷
One of a series of arithmatic exponents tabulated to simplify computation. It is denoted using the word log.
- ঘাতিকাFeminine; Noun
ঘাতন বধ বা নষ্ট কৰা কাৰ্য্য
the act of killing or destroying