কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আইভৰী ক’ষ্টai.bho.ri ko``stProper Noun
পশ্চিম আফ্ৰিকাৰ এখন দেশ
Ivory Coast or Côte d'Ivoire, officially the Republic of Côte d'Ivoire, is a country in West Africa. Ivory Coast's de jure capital is Yamoussoukro and the biggest city is the port city of Abidjan.
- আইমানুai.ma.nuPronoun
সৰু ছোৱালীক মৰমেৰে মতা নাম
Assamese Gurdians used to call their girl child by these words
- আইলচাAbstract Noun
কাম কৰিবলৈ অনিচ্ছা হোৱা গুণ|
The property of being lazy and inactive
- আইলাāilāNoun
তিফাই
a kind of fire-place
- আইসকলāisakalaNoun
বসন্ত ৰোগ [ইয়াৰ কেইবাটাও জাতি; যেনে- বৰ-আই, মাজু-আই, সৰু-আই, নুতি, পান চামৰী। আই-ওলোবা মানুহকো "আই" বুলি কোনোবে মাতে।]
- আউAbstract Noun
জন্মৰপৰা বৰ্তমানলৈকে অথবা মৃত্যু/ধ্বংস হোৱালৈকে সময়খিনি ৷
The span of time that one has passed from the birth or the duration of his lifetime.
- আউ-কুঁবৰীāu-kum̐barīNoun
মাদৈ, ৰজাৰ ভাৰ্য্যা
a queen
- আউ-কুঁবৰীদেওāu-kum̐barīdeoNoun
মাদৈ, ৰজাৰ ভাৰ্য্যা
a queen
- আউ-কুঁৱৰীau-ku~.wo.riCommon Noun
ৰাজপাটত থকা ৰজাৰ পত্নী অথবা বিধৱা পত্নী
The wife, widow or a consort of a reigning king.
- আউ-কুঁৱৰীদেওau-ku~.wo.ri.deuCommon Noun
ৰাজপাটত থকা ৰজাৰ পত্নী অথবা বিধৱা পত্নী
The wife, widow or a consort of a reigning king.
- আউচা নামAbstract Noun
সন্তান জন্মৰ এমাহৰ দিনা পতা নাম
A prayer ritual conducted after one month of childbirth
- আউটিāuṭiNoun
কোনো ঠাইৰ বিশেষ এক ফাল; অঞ্চল; চুবুৰি
a particular portion of a town or village
- আউঠনিāuṭhaniNoun
মুখ-খেকেচা খাই পৰা; যেনে -"তহিতে পৰিল গৈয়া আউঠানি খায়া" (মা.ক. সুন্দৰাকাণ্ড)।
- আউঠানিāuṭhāniNoun
মুখ-খেকেচা খাই পৰা; যেনে -"তহিতে পৰিল গৈয়া আউঠানি খায়া" (মা.ক. সুন্দৰাকাণ্ড)।
- আউঠিāuṭhiNoun
কাপোৰৰ দাঁতি বা পাৰি
the border of a cloth
- আউনীāunīNoun
এবিধ বনৰীয়া পাণ
the wild betel creeper
- আউনী-পাণāunī-pāṇaNoun
এবিধ বনৰীয়া পাণ
the wild betel creeper
- আউনীআটি-সত্ত্ৰāunīāṭi-sattraNoun
উজনি অসমৰ প্ৰধান চাৰিখন ৰজাঘৰীয়া সত্ত্ৰৰ এক সত্ত্ৰ [জয়ধ্বজসিংহ ৰজাই
- আউনীআটী সত্ৰAbstract Noun
উজনি অসমৰ প্ৰধান চাৰিখন ৰজাঘৰীয়া সত্ৰৰ এক সত্ৰ৷ জয়ধ্বজসিংহ ৰজাই 1578 শকত এই সত্ৰ মাজুলিত স্থাপন কৰে৷
The Auniati Satra was established in Majuli in 1653 A.D. by the Ahom King Sultanla. He was given the name Jayaddhaja Singha after he adopted the Hindu Religion (Vaishnava) from the first Satradhikar of Auniati Satra Sri Sri Niranjan Deva. King Jayaddhaja Singha was endowed with 81,650 bighas of land in two different categories namely Devotra and Brohmotra to be looked after and maintained by the Satra. The slightly elevated land of Majuli, where this Satra was established, was full of Auni Paan (a kind of betel creeper plant). Ati means elevated place. There from the name Auniati Satra came into being. Dr. SriSri Pitambar Dev Goswami is present Satradhikar of Sri Sri Auniati Satra.
- আউলāulaNoun
পোন নোহোবা অবস্হা; বিশৱঙ্খল; জোঁট; সান-মিহল; লেট-পেট; যেনে-সূতাৰ আউল; কথাৰ আউল
tongle; distracted; or dishevelled state