কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধলপুৱাdhol.puwaAbstract Noun
প্ৰতিদিনে ৰাতিপুৱা যিটো সময়ত পোহৰ হয়।
The time each morning at which daylight first begins.
- ধলফাট্dhol.phatAbstract Noun
প্ৰতিদিনে ৰাতিপুৱা যিটো সময়ত পোহৰ হয়।
The time each morning at which daylight first begins.
- ধলেশ্বৰীProper Noun
বৰাক নৈৰ উত্তৰ পাৰৰ এখন উপনৈ
A tributary of Barak river in nothern bank
- ধসমসdhasamasaNoun
"ধহমহ" চোবাঁ; যেনে-"আমাৰ মাৰিলে শুনু বীৰ অসংখ্যাত। বৰ ধসমস কৰে আসিয়া এথাত" (বঘাসুৰ-বধ)।
- ধহমহনিdhahamahaniNoun
হৈ-চৈ; চট্ফটনি।
- ধহ্মহ্dhahmahNoun
চট্ফট্ ফৰ্ফৰ্; খচ্মচ্।
- ধাঁইdhām̐iNoun
উদ্ফাই; ঊৰ্দ্ধশ্বাস
asthma
- ধাইdhāiNoun
লোকৰ সৰু ল'ৰা-ছোবালীৰ আল-পৈচান ধৰা মাইকী
a wet nurse
- ধাইভাটdhai.bhatAbstract Noun
ভাৰতীয় (শাস্ত্ৰীয়) সংগীতৰ মূল সপ্তম স্বৰৰ (সুৰ-সপ্তক) ষষ্ঠটো৷
the sixth sound of the seven primary sounds of Indian (classical)music.
- ধাইমাতৃdhai.ma.triCommon Noun
শিশুৰ যত্ন লোৱা ঘৰুৱা সহায়িকা
a housemaid who looks after children
- ধাউগেৰিdhāugeriNoun
বৰ ডাঙৰকৈ মৰা ৰিং, বা চিয়ঁৰ
a loud call; scream
- ধাউতিdhāutiNoun
সদায় মনত থকা বাঞ্ছা, সদায় নুগুচা স্মৰণ; অনুৰাগ; হেঁপাহ; হাবিয়াহ
intense fondness or longing; strong attachment; earnest desire
- ধাতdhatAbstract Noun
এজন ব্যক্তিৰ স্বভাৱ, গুণ আৰু সামৰ্থ্যৰ বৰ্ণনা।
A description of a person's attributes, traits, or abilities.
- ধাতাdhātāNoun
বিধাতা; জগতৰ ৰক্ষা আৰু বিধান কৰোঁতা; ব্ৰহ্মা; বিষ্ণু
Providence; Viṣṇu; Brahmā
- ধাতুdhātuNoun
শৰীৰক ধাৰণ কৰা তিনিটা বস্ত্তৰ এটা, যেনে-বায়ু, পিত্ত, কফ
one of the three bodily humours-wind, bile, phlegm
- ধাতু মলdha.tu molMaterial Noun
অক্সিজেন আৰু জলীয় বাষ্পৰ ক্ৰিয়াৰ ফলত লোৰ পৃষ্ঠত সৃষ্টি হোৱা ৰঙা বা মুগা বৰণৰ চামনি।
red or brown oxide coating on iron or steel caused by the action of oxygen and moisture.
- ধাতুকল্পdha.tu.kol.poMaterial Noun
যিবোৰ মৌলই ধাতু আৰু অধাতু দুয়োটাৰে গুণ প্ৰদৰ্শন কৰে
an element that has both metallic and nonmetallic properties, as arsenic, silicon, or boron
- ধাতুতত্বdha.tu.tot.toAbstract Noun
ধাতু আৰু তাৰ বিভিন্ন ৰূপ, আচৰণ আদিৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ এটি শাখা৷
The science that deals with procedures used in extracting metals from their ores, purifying and alloying metals, and creating useful objects from metals.
- ধাতুদ্ৰাৱকProper Noun
এবিধ আকৰত পোৱা বগা খাৰৰ গুণ থকা বস্তু, তাৰ দ্বাৰা ধাতু জনা যায়
a white, water-soluble powder or crystals, hydrated sodium borate, Na2B4O7•10H2O, occurring naturally or obtained from naturally occurring borates; tincal: used as a flux, cleansing agent, in the manufacture of glass, porcelain, and enamel, and in tanning.
- ধাতুপত্ৰdha.tu.po.troMaterial Noun
অতি পাতল ধাতুৰ পাত।
a very thin sheet of metal.