কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডাকৰাḍākarāNoun
মৈৰ মাজত পথালিকৈ দিয়া দুচটা ফলা বাঁহ, যাৰ ওপৰত মানুহ উঠি মৈ দিয়ে।
- ডাগdagAbstract Noun
শৰীৰৰ কোনো অঙ্গৰ চালত খোঁচ লাগি হোৱা ঘাঁ৷
A mark remaining on the skin or an organ from the wound.
- ডাগিḍāgiNoun
মানুহৰ খেল বা শ্ৰেণী
class of man
- ডাঙি-মাৰিḍāṅi-māriNoun
তাঁত বাটি কৰি এটাই, বাটি কৰা বৰ খুঁটি গুচাই তাৰ ঠাইত লগোবা বাঁহৰ ডাং বা মাৰি; বুৰুক-মাৰি
component part of the Assamese loom
- ডাঙ্কাḍāṅkāNoun
দুৰ্নাম; বদনাম; যেনে-"অমুকীৰ ডাঙ্কা উঠিছে"
evil reputation
- ডাঙ্কোপḍāṅkopaNoun
বৰ-কথা; ওফাইডাং-মৰা কথা; গণ্ডপ; নিজক ডাঙৰ বুজাবলৈ গপ মাৰি কোবা কথা; ফোঁপ-ডাং
a boast; brag
- ডাঙৰḍāṅaraAdjective
বৱহৎ; বৱহৎ আকাৰৰ
big; large
- ডাঙৰ আইNoun
বৰ আই; জেঠী
wife of father's elder brother
- ডাঙৰ মিছামাছda.ngor mi.sa.masProper Noun
এবিধ ডাঙৰ প্ৰজাতিৰ মিছামাছ ৷
Lobster is known as Clawed lobster compose a family Nephropidae of large marine crustaceans. It has two large claws.
- ডাঙৰপিতাda.ngor.pi.taCommon Noun
নিজৰ দেউতাকৰ ককায়েক৷
elder brother of ones father
- ডাঙৰপিতাইda.ngor pi.taiCommon Noun
নিজৰ দেউতাকৰ ককায়েক৷
elder brother of ones father
- ডাঙৰিḍāṅariNoun
ধানৰ বহুত মুঠি কেইবাথৰো কৰি গোটাই বন্ধা ডাঙৰ মুঠা
a large bundle of paddy sheaf
- ডাঙৰি-কাপোৰḍāṅari-kāporaNoun
ডাঙৰিয়া বা চৰাই সূতাৰে বোবা কাপোৰ; বৰকাপোৰ
a coarse thick cloth folded twice and used as a wrapper
- ডাটাda.taAbstract Noun
সংখ্যা বা গদ্য ৰূপে সংগৃহীত সত্য কথা, যাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল’ব পাৰি
a collection of facts in the form of numbers or texts from which conclusions may be drawn
- ডাঠ বকলাdath bo.ko.laMaterial Noun
পেলনীয়া কাগজ, তুহঁ, কাপোৰৰ আহঁ আদি হেঁচা দি বনোৱা ডাঠ কাগজ৷ কাগজৰ বাকচ আদি বনাবলৈ ব্যৱহাৰ কৰা হয় ৷
A material similar to thick, stiff paper, that is made of pressed paper pulp or pasted sheets of paper. It is used for making cartons and signs.
- ডাঠ হাবিdath ha.biCommon Noun
বনৰীয়া গছ-লতাৰে ভৰা গভীৰ অৰণ্য
a thick jungle full of wild trees and underbush
- ডাঠাḍāṭhāNoun
শাকৰ মঙহাল ঠাৰি
the pithy stalk of vegetables
- ডাফলীḍāphalīNoun
ডফলা জাতিৰ তিৰোতা
a Daffla woman
- ডাবḍābaNoun
নপকা বা কুমলীয়া নাৰিকল
a green or unripe cocoanut
- ডাব কটাৰিdab ko.ta.riMaterial Noun
জপাই মেলি ৰাখিব পৰা নাল থকা এবিধ সৰু কটাৰি বা চুৰি
a knife with a blade that folds into the handle.