কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বba
ব্যঞ্জন বৰ্ণৰ তেইশ আৰু ঊনত্ৰিশ সংখ্যাৰ দুটা আখৰ; শব্দৰ আগত থাকিলে 'ব' 'ব'ৰ দৰে উচ্চাৰণ আৰু লেখা হয়
the twenty-third and twenty-ninth Assamese consonant letters corresponding to English b, and v or w respectively
- বঁতিয়াbam̐tiẏāTransitive verb
বাঁতি কৰ; পেটৰপৰা মুখেদি উলিয়া
to vomit
- বংশজাতbong.xo.jatoVerbal Adj.
বংশ বা পৰিয়ালত জন্ম হোৱা ৷
Belonging to or born in a family.
- বংশবৃদ্ধিVerbal Adj.
প্ৰাণী, উদ্ভিদ বা মানুহৰ প্ৰজনন কাৰ্য্য বা প্ৰক্ৰিয়া
the act or process in animals, plants, or people of reproducing or breeding
- বংশানুক্ৰমেbong.xa.nu.kro.meAdverb
ক্ৰমান্বয়ে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ
successively from generation to generation
- বইচ-বাইচbois-baisVerbal Noun
সৰু বা সামান্য কথাত মুখে-মুখে লগা কাজিয়া
a slight or petty oral quarrel
- বইট্baiṭIntransitive verb
বহ্ (হাতী)।
- বকবকাbok.bo.kaVerb-Intran.
অদৰকাৰী বিষয়ে আনে আমনি পোৱাকৈ বহু সময় কথা কৈ থকা৷
to talk for a long time in an unpleasent way about unimportant things.
- বক্bakIntransitive verb
বলক্; অকামিলা কথা ক; অতিৰিক্ত কথা ক
to prattle; to babble; to talk too much
- বক্ বককৈ থাক্bok bok.koi thakVerb-Trans.
to talk a lot without any objectives.
- বক্তৃতাbok.tri.taVerbal Noun
ৰাজহুৱাভাৱে কোৱা কথা ৷
Formal public address
- বক্বকাbakbakāIntransitive verb
বক্; বলক্; সৰহকৈ অমূলক কথা ক
to prate uselessly
- বক্ৰ হাস্য কৰbok.ro ha.syo korVerb-Intran.
ওঁঠৰ কোন দুটা পিছফাললৈ টানি দাঁত উলিয়াই হঁহা কাৰ্য্য ৷
to smile broadly exposing the teeth
- বক্ৰদৃষ্টিbok.ro.dris.tiVerbal Noun
পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |
A glance directed to the side; an oblique or sideways look
- বখলিয়াTransitive verb
ছাল চেলা; বাকলি গুচা
to peel; to remove the outer covering
- বখান্bakhānTransitive verb
প্ৰশংসা কৰ্
to praise
- বখান্Verb-Trans.
কোনো কথাৰ বিষয়ে বহলাই কোৱা৷
to talk about something in detail in order to make people understand
- বগাbagāAdjective
শ্বেত; শুভ্ৰ; ধলা; শুক্ল
white
- বগা কৰ্bo.ga korVerb-Trans.
বগা ৰঙেৰে বোলা বা বগালৈ ৰূপান্তৰ কৰ্
To make or become whiter
- বগা হbo.ga hoVerb-Trans.
বগা ৰঙেৰে বোলা বা বগালৈ ৰূপান্তৰ কৰ্
To make or become whiter