কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠক্ঠক্ কৰেAdverb
যেনে-"জাৰত বা ভয়ত গাটো ঠক্ঠক্ কৰে কঁপিছে।"
- ঠগṭhagaNoun
গঢ়; আকৱতি; আৰ্য্যা; সাদৱশ্য
shape; form; semblance
- ঠগ ধৰ্, ঠগ দিṭhaga, dhar, ṭhaga, diIntransitive verb
নিজৰ স্বাভাবিক গঢ় এৰি আন গঢ় ধৰ্; ভেম ধৰ্; যেনে-"কতো দূৰ গৈয়াঃ ঠগ দিয়া ৰৈলাঃ মাধবৰ কৌতূহল (কীৰ্ত্তন)
to assume a particular form; to show pomp or affected form or motion
- ঠগ্thogVerb-Trans.
অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
to act dishonestly; practice fraud.
- ঠটমট খাthot.mot khaVerb-Intran.
হঠাতে অতি আশ্চৰ্য্য-চকিত হোৱা
fill with wonder, strike with sudden and usually great wonder or surprise
- ঠনঠন কৰেAdverb
ঠন্ঠন্ শব্দ কৰি।
- ঠন্ঠনাIntransitive verb
ঠন্ঠন্ শব্দ কৰ্
to make a cracking sound
- ঠনৰাই, ঠনৰ কৰে, ঠনাতকৈṭhanarāi, ṭhanara, kare, ṭhanātakaiAdverb
ঠনৰ শব্দ কৰি (ছিগ্ বা ভাগ্)
with a sound as is produced when anything is snapped or broken
- ঠলামূৰিয়া, ঠলামূৰি মাৰ্Transitive verb
হাতেৰে মূৰত ঢকা-থাপৰ মাৰ্
to slap on the head with the palm of the hand
- ঠল্ঠল্ কৰেAdverb
ঠল্ ঠল্ শব্দ কৰি; বেগাই বেগাই; ইটোৰ পাছত সিটো; ; বি. ঠল্ঠলনি ঠল ঠল শব্দ কৰা কাৰ্য্য।
with distinct and clear voice; in quick succession
- ঠলৰ কৰেtho.lor ko.reAdverb
হঠাতে এটা (ঠলৰ্) শব্দ কৰি
suddenly making a quick sound
- ঠলৰকৈtho.lor.koiAdverb
হঠাতে এটা (ঠলৰ্) শব্দ কৰি
suddenly making a quick sound
- ঠলৰাইtho.lo.raiAdverb
হঠাতে এটা (ঠলৰ্) শব্দ কৰি
suddenly making a quick sound
- ঠলৰাই, ঠলৰ্ কৰেAdverb
ঠলৰ শব্দ কৰি
making a short quick sound
- ঠহঠহ কৰেṭhahaṭhaha, kareAdverb
খোঁচা বা বিন্ধাৰ দৰে বেদনা দি (ফুটা)
giving a sharp pricking pain
- ঠহ্ঠহাIntransitive verb
খোঁচা-বিন্ধাৰ দৰে বেদনা দি।
- ঠহৰ কৰেtho.hor ko.reAdverb
হঠাতে কঠুৱা বা টান মাতেৰে
in an unpleasantly rough, ragged, or coarse manner
- ঠহৰ কৰে, ঠহৰাইṭhahara, kare, ṭhaharāiAdverb
হঠাতে আৰু দুখ বা বিস্ময়জনকভাবে (হুল সোমা, মাত লগা)
abruptly and roughly
- ঠহৰাইtho.ho.raiAdverb
হঠাতে কঠুৱা বা টান মাতেৰে
in an unpleasantly rough, ragged, or coarse manner
- ঠাঁচ কৰেṭhām̐ca, kareAdverb
ঠাঁচ শব্দ কৰি; ঠাঁচ শব্দ হোবাকৈ অৰ্থাৎ টানকৈ; বৰ বলেৰে; বৰ কোবেৰে
with a bursting noise; violently; with great force