কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘঁঘৰাgho~.gho.raMaterial Noun
স্ত্ৰীয়ে পৰিধান কৰা কঁকালৰপৰা ভৰিলৈ ওলমি পৰা আৰু দুখন ভৰিৰ মাজত জোৰা নথকা এখনীয়া বস্ত্ৰ ৷
A one-piece garment extending downward from the waist and not joined between the legs, worn esp. by women and girls.
- ঘঁচালনিNoun
ঘঞ্চলা; ঠেলা-ঠেলি বা হেঁচা-হেঁচি কৰা কাৰ্য্য; আমনি কৰা কাৰ্য্য
the act of frequenting or troubling
- ঘঁটgham̐ṭaNoun
মতা ঘাৰয়ালৰ ঠোঁটৰ ওপৰত বঢ়া উঠঙা; টাৰি
the protuberance of the snout of a crocodile
- ঘঁটা-জোকৰাgham̐ṭā-jokarāNoun
বজাৰৰ সময়ত ঘণ্টা বা টিলিঙা যেনেকৈ জোকাৰে, সেইদৰে খঙত কোনো মানুহক ধৰি জোকৰা কাৰ্য্য; যেনে-"তাক অমুকে ঘঁটা-জোকৰা দিলে"
hard shaking
- ঘঁটা-লৰাgham̐ṭā-larāNoun
বজাৰৰ সময়ত ঘণ্টা বা টিলিঙা যেনেকৈ জোকাৰে, সেইদৰে খঙত কোনো মানুহক ধৰি জোকৰা কাৰ্য্য; যেনে-"তাক অমুকে ঘঁটা-জোকৰা দিলে"
hard shaking
- ঘঁটিgham̐ṭiNoun
নাকৰ ভিতৰত গজা লোম
the hair in the nostril
- ঘঁটি-কঢ়াgham̐ṭi-kaṛhāNoun
নাকৰ লোম কঢ়া সৰু লেপ
a pair of small pinchers for piucking out the hairs in the nostril
- ঘঁটিকাgham̐ṭikāNoun
ঘঁট; ডিঙিৰ আগফালে ওলাই থকা উঠঙা
Adam's apple
- ঘঁটীয়া-শিঙৰাgham̐ṭīẏā-śiṅarāNoun
শিঙৰা মাছৰ সকলো জাতিৰ ভিতৰৰ সৰু জাতি [ইয়াৰ আন নাম বিহ-শিঙৰা।]
a kind of small fish; macrones tengera
- ঘঁহনgho~.honAbstract Noun
এটা বস্তুক আনটোৰে ঘঁহা কাৰ্য্য।
The rubbing of one object or surface against another.
- ঘঁহনিgho~.ho.niAbstract Noun
এটা বস্তুক আনটোৰে ঘঁহা কাৰ্য্য।
The rubbing of one object or surface against another.
- ঘঁহাTransitive verb
আনৰ দ্বাৰায় পিহা বা ঘৰ্ষণ কৰা
to cause to be rubbed
- ঘঁহা-ঘঁহিNoun
এটাই আনটোক ঘঁহা বা ঘৰ্ষণ কৰা কাৰ্য্য
mutual rubbing
- ঘঁৰিয়াgham̐riẏāNoun
এবিধ মাছ।
- ঘঁৰিয়ালgham̐riẏālaNoun
কুম্ভীৰ; কাঁইট লগা দীঘল দাঁৰ বা ঠোঁট থকা, গুঁইৰ আকৱতিৰ এবিধ পানীত থকা জন্ত্ত
an alligator; a crocodile; crocodilus palustris or porosus
- ঘঁৰিয়ালৰ চকুপানীgho~.ri.ya.lor so.ku.pa.niCommon Noun
বেজাৰ পোৱা ভাও জুৰি মিছাকৈ দুখ প্ৰকাশ কৰা, সাধাৰণতে চকুপানী উলিয়াই কিহবাৰ বাবে বেজাৰ পোৱা যেন দেখুওৱা৷
pretend to be sad about something but not really sad at all.
- ঘঁৰীCommon Noun
ঘোঁৰা বা ঘোঁৰাজাতীয় জন্তুৰ পোৱালি; সাধাৰণতে এবছৰ নোহোৱা পোৱালি ৷
The young offspring of a horse or other equine animal, especially one under a year old.
- ঘকাৰghakāraNoun
"ঘ" আখৰ; "ঘ"।
the letter
- ঘক্মকিghakmakiNoun
ঘক্মকনি; লৰা-লৰিত বিতত হোবা অবস্হা
confusion due to hurry
- ঘগৰাghagarāNoun
বহল ঘূৰণীয়া মুখেৰে তলিৰ ফালে জোঙা এবিধ বাঁহৰ কাঠীৰে কৰা মাছ ধৰা যতন
a kind of cone-shaped fish trap of aplit bamboo