কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঈ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঈকাৰīkāraNoun
ঈ আখৰ; বিশেষকৈ "ী"; ঈ, "ী"।
the letter ; specially the symbol
- ঈক্ষণīkṣaṇaNoun
দৱষ্টি; দৰ্শন; যেনে-"মদনৰ শৰ যেন কটাক্ষ ঈক্ষণ" (মা. আদিকাণ্ড)
sight; the act of seeing
- ঈক্ষাi.khyaVerbal Noun
দেখা বা চোৱা কাৰ্য্য ।
An act of looking or seeing at somebody/something.
- ঈগলīgalaNoun
শেন-জাতীয় পক্ষী-বিশেষ।
eagle
- ঈদīdaNoun
মুছলমানৰ এটা পৰ্ব্ব; ঈদ দুই ৰকমৰ-ইদল্ফিটৰ্ আৰু ঈদ-উজ্-জোহা।
- ঈদ-উজ্-জোহাīda-uj-johāNoun
মুছলমানৰ বক্ৰীদ বা বলি-দান পৰ্ব্ব [এই পৰ্ব্বত ঈশ্বৰৰ নামে ছাগলী আদি কটা হয়। এই বলি-দানৰ অৰ্থ এই যে ৰিপু আদি ঈশ্বৰ-বিৰোধী ভাববিলাক আৰু মায়া-বন্ধন প্ৰভৱতি-ঈশ্বৰৰ নামে সেই দিনা বলি দিয়া বা ত্যাগ কৰা হয়। ঈদল্-ফিটৰৰ দুমাহ ন দিনৰ পাছত এই উৎসব হয়]।
- ঈদল্ফিটৰīdalphiṭaraNoun
মুছলমানৰ এটা পৰ্ব্ব-দিন [ৰমজানৰ ৰোজা উপবাস-ব্ৰতৰ পাছতেই এইটো উৎসব হয়। এই উৎসবত সকলো মুছলমানে পৰস্পৰৰ প্ৰতি প্ৰীতিভাব দেখুবায়]।
- ঈপতিi.po.tiProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- ঈপ্সাNoun
পাবৰ ইচ্ছা।
- ঈপ্সিতাCommon Noun
যি নাৰীয়ে বাঞ্ছা কৰে
a woman who desires
- ঈলিৰMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- ঈশīśaNoun
ঈশ্বৰ
God
- ঈশ উপনিষদi.xo u.po.ni.xodProper Noun
ঈশ উপনিষদ হল অন্যতম মুখ্য উপনিষদ্৷ এই উপনিষদটি হল বেদৰ সংহিতাৰ শেষ অধ্যায়৷ ঈশোপনিষদৰ বাহিৰে বাকী সকলো উপনিষদ বেদৰ ব্ৰাহ্মণ বা অাৰণ্যকৰ অংশ৷ ইয়াত ১৮টা শ্লোক আছে৷
It is a Mukhya (primary, principal) Upanishad, and is known in two recensions, called Kanva (VSK) and Madhyandina (VSM). The Upanishad is a brief poem, consisting of 17 or 18 verses, depending on the recension.
- ঈশসখi.xo.xokProper Noun
হিন্দু ধৰ্মীয় বিশ্বাস মতে উত্তৰ দিশ আৰু ধনৰ অধিপতি আৰু মহাদেৱ বা শিৱৰ ভঁৰালী।
according to Hindu belief, the god of wealth, the master of the north and the treasurer of Lord Shiva.
- ঈশানīśānaNoun
মহাদেব; ঈশান কোণৰ অধিপতি
the god Śiva
- ঈশান কোণi.xan ko’nAbstract Noun
উত্তৰ-পূব দিশ ।
a direction in between between north and east in cardinal compass
- ঈশান-কোণīśāna-koṇaNoun
পূব আৰু উত্তৰৰ মাজৰ দিশ
the north-east direction
- ঈশানীīśānīNoun
দুৰ্গা; পাৰ্ব্বতী; মহেশ্বৰী
the wife of Śiva
- ঈশিত্বīśitbaNoun
ঈশ্বৰত্ব
divinity
- ঈশিৰi.xirMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame