কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এ-আঠুe-āṭhuAdjective
একাঁঠু; আঁঠুলৈকে তল যোবা
knee- deep
- এআঁঠুe.a~.thuProper Adj.
মানুহৰ আঁঠুলৈকে তল যোৱা ওখ বা দ৷
as high as the knee of a man.
- এইৰূপei.rupProper Adj.
কোনো মানুহ, জীৱ-জন্তু অথবা আন কোনো বস্তুৰ গুণ, পৰিমাণ আদিৰ কথা উল্লেখ কৰিবলৈ ব্যৱহাৰ হয়| যেনেঃ এনেকুৱা মানুহৰ পৰা উপায় নাই|
Of the kind, character, degree, extent, etc., of that or those indicated or implied.
- এক-চতুৰ্থাংশek-so.tur.thang.xoProper Adj.
চাৰিভাগৰ এক অংশ।
one out of four equal parts.
- একঁকলীয়াekam̐kalīẏāAdjective
কঁকাললৈকে হোবা দ বা ওখ
waist-deep
- একঁকালekam̐kālaAdjective
কঁকাললৈকে হোবা দ বা ওখ
waist-deep
- একক ব্যৱহাৰProper Adj.
এবাৰেই ব্যৱহাৰ কৰিব পৰা
something that is used only once
- এককথীয়াekakathīẏāAdjective
একেকথীয়া; এবাৰ কোবা কথা নলৰোবা।
- এককাঠীek.ka.thiProper Adj.
আন কিহবাৰে সৈতে কিবা মিল থকা, তুলনা কৰিব পৰা
similar in some way to another thing, compara
- এককালীনekakālīnaAdjective
একে সময় বা বাৰতে কৰা বা হোবা।
- এককোষীe.ko.ko`.xiProper Adj.
এটা কোষেৰে গঠিত বা এটা কোষ থকা ৷
Having or consisting of a single cell.
- একখণ্ডek.khon.doProper Adj.
(কিহবাৰ) এটা ভাগ বা অংশ।
one part (of something)
- একঘেয়াek.ghe.yaAdjective Adj.
পৰিবৰ্তন নোহোৱা, একেধৰণৰ আৰু সেয়ে নিৰস, আমনিকৰ বিধৰ।
without change and, therefore, boring and/or monotonous.
- একচনীয়াekacanīẏāAdjective
এবছৰৰ নিমিত্তে চলতি বা প্ৰবল থকা; এবছৰীয়া
annual; in force for one year only
- একচিত্তekacittaAdjective
খালি একেটা কথা বা বিষয়ত মন দিয়া
with the mind fixed on one thing; intent upon one thing
- একচিত্তেAdverb; Adjective
একচিতীয়া।
- একচেটিয়াekaceṭiẏāAdjective
এদনীয়া; খালি এজন বা এদলৰ দখল বা স্বত্বত থকা; আনক কৰিবলৈ নিদি সম্পূৰ্ণকৈ এজন বা এদলৰ হাত কৰা (বেপাৰ আদি)
monopolistic; monopolized
- একচ্ছত্ৰীekacchatrīAdjective
এক ৰাজ-ছত্ৰৰ তলতীয়া; এজন অধিৰজাৰ অধীন
under one supreme ruler
- একছত্ৰীekachatrīAdjective
এক ৰাজ-ছত্ৰৰ তলতীয়া; এজন অধিৰজাৰ অধীন
under one supreme ruler
- একছনীয়াekachanīẏāAdjective
এবছৰৰ নিমিত্তে চলতি বা প্ৰবল থকা; এবছৰীয়া
annual; in force for one year only