কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিৰস্ত্ৰীকৰণni.ros.ti.ko.ronVerbal Noun
সামৰিক অস্ত্ৰ-শস্ত্ৰ বৰ্জন বা হ্ৰাসকৰণ ৷
The act of laying down arms, especially the reduction or abolition of a nation's military forces and armaments.
- নিৰহঙ্কাৰnirahaṅkāraNoun
অহঙ্কাৰৰ অভাব; অহঙ্কাৰ নথকা গুণ
absence of pride
- নিৰাণকাৰীAbstract Noun
শিখ ধৰ্মৰ ভিতৰত হোৱা এক সংস্কাৰ আন্দোলন৷ এই আন্দোলন আৰম্ভ কৰিছিল দয়াল দাসে, যি ১৮৫৫ খৃষ্টাব্দত ইহলীলা সম্বৰণ কৰে৷ তেওঁ বিশ্বাস কৰিছিল যে ঈশ্বৰ নিৰাকাৰ আৰু সকলোতে ব্যাপ্ত৷
the religious reform movement within Sikhism. It was founded by Dayal Das, who died in 1855. He believed that God is formless, or nirankar, i.e. formless and omnipresent
- নিৰানন্দnirānandaAdjective
আনন্দশূন্য; বিমৰ্ষ; মন-মৰা
sorrowful; dejected
- নিৰানবৈnirānabaiNoun
এক কম এশ; নবৈ আৰু ন
ninety-nine
- নিৰানব্বৈnirānabbaiNoun
এক কম এশ; নবৈ আৰু ন
ninety-nine
- নিৰান্নব্বৈni.ra.no.boiAbstract Noun
নব্বৈতকৈ ন বেছি৷
nine more than ninety.the symbol denoting 99 (৯৯ in Assamese)
- নিৰান্নৈnirānnaiNoun
এক কম এশ; নবৈ আৰু ন
ninety-nine
- নিৰাপত্তাnirāpattāNoun
আপদ নোহোবা অবস্হা; বিঘিনি নোহোবা ভাব।
- নিৰাপত্তাহীনতাni.ra.pot.ta.hi.no.taAbstract Noun
নিৰাপত্তা অনুভব নকৰা অৱস্থা ৷
the quality or state of being insecure.
- নিৰাপদ কাচNoun
নিৰাপদ কাচ
নিৰাপদ কাচ
- নিৰাপদ চাকিni.ra.pod sa.kiMaterial Noun
খনিত শ্ৰমিকসকলে ব্যৱহাৰ কৰা চাকি৷
a lamp which the miners use.
- নিৰাপদ পেটীni.ra.pod pe.tiMaterial Noun
গাড়ী, বিমান আদিত চলি থকা অৱস্থাত হঠাতে হামখুৰি খাই আগত থকা বস্তুত খুন্দা নাখাবলৈ আৰোহীয়ে/চালকে পিন্ধা এডাল পেটী৷
a seat belt in a car, aircraft etc. that a person wears so that s/he does not come forward suddenly and hit somewhere.
- নিৰামিষnirāmiṣaNoun
মাছ-মঙহৰ বাজে অন্য আহাৰ
food other than fish and meat; vegetable food
- নিৰামিষভোজীni.ra.mix.bho’.jiCommon Noun
উদ্ভিদজাত আহাৰ খোৱা কিন্তু মাছ, মাংস আৰু কণী নোখোৱা লোক৷
a person who eats vegetable foods and does not take fish, meat and egg.
- নিৰামিষাশীni.ra.mi.xa.xiCommon Noun
উদ্ভিদজাত আহাৰ খোৱা কিন্তু মাছ, মাংস আৰু কণী নোখোৱা লোক৷
a person who eats vegetable foods and does not take fish, meat and egg.
- নিৰামিষাহাৰীNoun
নিৰামিষ খোবা মানুহ
one eating food other than meat and fish vegetarian
- নিৰামুহিnirāmuhiNoun
নিৰামিষ।
- নিৰামুহীয়াni.ra.mu.hiyaCommon Noun
উদ্ভিদজাত আহাৰ খোৱা কিন্তু মাছ, মাংস আৰু কণী নোখোৱা লোক৷
a person who eats vegetable foods and does not take fish, meat and egg.
- নিৰাশাni.ra.xaAbstract Noun
আশা বা অভীপ্সা ফলৱতী নোহোৱাৰ বাবে স্তিমিত হৈ পৰা মনৰ উত্সাহ।
lowness of spirits depressed or discouraged by the failure of ones hopes or expectations.