কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হৰিষদ বিষাদhariṣada, biṣādaNoun
আনন্দৰ সময়ত হঠাতে বেজাৰৰ কাৰণ উপস্হিত হোবা
sorrow in the midst of joy
- হৰিষাদ-বিষাদNoun
হৰিষ আৰু বিষাদ।
- হৰিসেৱাho.ri-xe.waVerbal Noun
ধৰ্মীয় গীত বা নাম-গুণ গাই বিষ্ণুৰ আৰাধনা কৰা।
worshiping Vishnu or Hari by singing religious songs.
- হৰিহয়harihaẏaNoun
ইন্দ্ৰ; যেনে-"পৰম ৰহস্য কহো শুনা হৰিহয় : নাৰায়ণ নামে ইটো কবচ দুৰ্জ্জয়" (নাৰায়ণ কবচ)।
- হৰিহৰhariharaNoun
বিষ্ণু আৰু শিবৰ অভেদ যুগৰ মূৰ্ত্তি
Visnu and Śiva united into one
- হৰিৎকণাho.rit.ko.naMaterial Noun
উদ্ভিদ কোষৰ ভিতৰত থকা পত্ৰহৰিৎ যুক্ত প্লাষ্টিড।
a plastid containing chlorophyll.
- হৰীতকীharītakīNoun
শিলিখা।
- হৰ্তাhartāNoun
হৰণকাৰী; গুচাওঁতা; দূৰ কৰোঁতা
one who removes or takes away
- হৰ্তা-কৰ্তাNoun
সকলোৰে গৰাকী
a paramount authority
- হৰ্তা-কৰ্তা-বিধাতাhor.ta-kor.ta-bi.dha.taCommon Noun
নিজ ইচ্ছাৰে সব কাম কৰোতা
Who exercises his own power to do everything
- হৰ্ত্তাharttāNoun
হৰণকাৰী; গুচাওঁতা; দূৰ কৰোঁতা
one who removes or takes away
- হৰ্ত্তা-কৰ্ত্তাNoun
সকলোৰে গৰাকী
a paramount authority
- হৰ্ম্যharmyaNoun
কাৰেং; প্ৰাসাদ; অট্টালিকা
palace
- হৰ্যক্ষhor.jo.khyoCommon Noun
ডিঙিত কেশৰ থকা এবিধ শক্তিশালী মাংসভোজী বনৰীয়া জন্তু
a powerful carnivorous wild animal with a hairy neck.
- হৰ্যস্বhor.jo.swoProper Noun
স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷
The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism.
- হৰ্ষharṣaNoun
আহ্লাদ; ৰং; আনন্দ; সন্তোষ
pleasure; delight; joy
- হৰ্ষচৰিতhor.xo.so.ritAbstract Noun
সপ্তম শতিকাৰ ৰজা হৰ্ষবৰ্ধনৰ ৰাজসভাৰ প্ৰসিদ্ধ কবি দ্বাৰা ৰচিত পুঠি হৰ্ষচৰিত, কাদম্বৰী আদি৷
The biography of Indian emperor Harsha by Banabhatta, also known as Bana, who was a Sanskrit writer of seventh-century CE India. He was the Asthana Kavi, meaning Court Poet, of Harsha.
- হৰ্ষোচ্ছ্বাসhor.xo`s.saxAbstract Noun
অতিমাত্ৰা আনন্দ বা সুখ
Extreme happiness
- হৰ্ষোল্লাসhor.xo’l.laxAbstract Noun
আনন্দ উদযাপন কৰিবলৈ চিঞঁৰি মনৰ ভাৱ প্ৰকাশ কৰা ৷
The celebration, followed by a shout, out of joy.
- হৰ্হৰ্harharNoun
বেগাই পানী বৈ যোবা শব্দৰ অনুকৰণত হোবা মাত বা শব্দ
an imitative word used to express the sound of water flowing with a rapid current