কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাউৰী-খোঁটাkāurī-khom̐ṭāNoun
কাৰো মূৰত থপিয়াই বা মূৰলৈ গোবৰ মাটি দলিয়াই লাজ বা অপমান দিয়া কাৰ্য্য; ঠাট্টা-মষ্কৰা কৰা কাৰ্য্য
act of expressing contempt by hissing, shouting or pelting something at
- কাউৰীয়ে কা কৰাkāurīẏe, kā, karāNoun
ৰাতিপুবা কাউৰীয়ে কা কা কৰা সময়; নিচেই পুবাৰ সময়
dawn; early morning
- কাউৰেহাগীkau.re.ha.giProper Noun
নলবাৰী জিলাৰ এখন গাঁও৷
A village in Nalbari district.
- কাউৰ্Common Noun
ক’লা বৰণৰ এক সাধাৰণ চৰাই
a black colored common bird
- কাওঁkāom̐Noun
টেমা; যেনে-"ৰূপৰ কাওঁ এটা ভোট ৰজাৰ উপহাৰ; "
a case; a casket
- কাওঁ কাওঁkāom̐, kāom̐Noun
নলা বা ঠেক আধাৰৰপৰা পানী বা জুলীয়া বস্ত্ত বেছি বেগেৰে ওলোবাত হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound of liquid when flowing rapidly from a narrow drain, pipe etc.
- কাওণkāoṇaNoun
ষোল পোণ কড়ি [তাৰ মূল্য আজি-কালি এটকা ৰূপৰ সমান]
16 pons or 1,280 cowries, now equal to one rupee
- কাওবাওkāobāoNoun
কাকূতি; সেও হৈ কৰা প্ৰাৰ্থনা, নম্ৰ হৈ কৰা মিনতি বা বিনয়
earnest supplications or entreaties
- কাকkākaNoun
পাতি-কাউৰী
a crow
- কাক ছদCommon Noun
Any of the 7 to 10 species of the bird genus Motacilla, of the family Motacillidae, together with the forest wagtail (Dendronanthus indicus) of Asia. They are strongly patterned birds of beaches, meadows, and streamsides; they usually nest on the ground but roost in trees and laying up to six speckled eggs at a time. The birds are so named because they incessantly wag their long tails up and down. The forest wagtail wags its entire body from side to side. Males of the white wagtail (Motacilla alba), common across Eurasia, are variably white and gray or white and black. The variety in Britain is called pied wagtail. The only species reaching the New World is the yellow wagtail (M. flava, sometimes Budytes flavus), which breeds in Alaska and migrates to Asia.
- কাক বাঁহka.ko ba~hCommon Noun
এবিধ বাঁহৰ প্ৰজাতি৷ ইয়াৰ গা-গছ সাধাৰণ বাঁহতকৈ শকত হয়৷
- কাক-চৰিত্ৰkāka-caritraNoun
কাউৰীয়ে ৰটা বা কাউৰীৰ মাতৰ গঢ় বুজি শুভাশুভ গণনা কৰিব পৰা বিদ্যা
divination by the cawing of a crow
- কাক-ফালkāka-phālaNoun
নাঙলত বিন্ধাইদি সুমাই লগোবা এবিধ দীঘল-ফাল
a long plough-share, generally made of bamboo
- কাক-বন্ধ্যাkāka-bandhyāNoun
এবাৰ ল'ৰা হৈ আৰু নোহোবা তিৰোতা; বিয়ৈ-বাঁজী
a woman becoming barren after the first child is born
- কাক-বলিkāka-baliNoun
শাস্ত্ৰমতে কাউৰীক দিয়া বলি অৰ্থাৎ অন্নাদি উপহাৰ [ই এটা শৰাধৰ কৰ্ম্ম।]; যেনে-"দন্তকাষ্ঠ কাক-বলি আৰু স্নান-বলি। অঙ্গদে পিতৱৰ দিলা পিণ্ড জলাঞ্জলি" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)
rice and other things offered to crows during funeral ceremonies
- কাক-বাঁহkāka-bām̐haNoun
এবিধ শকত আৰু বৰ ফোপোলা বাঁহ।
- কাক-হীঁহkāka-hīm̐haNoun
পানী- কাউৰী।
- কাকজানka.ko.janProper Noun
যোৰহাট জিলাৰ উল্লেখযোগ্য স্থান
An important place in Jorhat district
- কাকডোঙাka.ko.do`.ngaMaterial Noun
ব্ৰহ্মপুত্ৰৰ উপনৈ৷ অসমৰ গোলাঘাট আৰু যোৰহাট জিলাক ভাগ কৰিছে৷
A tributory of Brahmaputra that divedes Golaghat and Jorhat district of Assam.
- কাকতkākataNoun
তুলাপাত
paper