কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কহ্পাতkahpātaNoun
কোনো ৰঙেৰে বোলোবাৰ আগেয়ে কাপোৰ, সূতাৰ লগত সিজাই লোবা গছৰ পাত [এই কামত বৰণ অনুসৰি ভিন্ ভিন্ গছৰ পাত ব্যবহাৰ হয়]
the leaf of a plant used as mordant
- কহৰAbstract Noun
কাৰোবাৰ বা কিহবাৰ দুর্ভাগ্য কামনা কৰি কৰা প্ৰাৰ্থনা
An appeal or prayer for evil or misfortune to befall someone or something
- কাkāNoun
কাউৰীৰ মাতৰ নিচিনা মাত বা শব্দ
an imitative word used to express the cawing of a crow
- কা কাka kaCommon Noun
নিজতকৈ বয়সত ডাঙৰ ভাতৃ ৷ কেতিয়াবা নিজৰ সহোদৰ ভাতৃ নহ’লেও এইদৰে সম্বোধন কৰা হয় ৷
A brother (may or may not be of same parents) who is elder than yourself.
- কা-kā-Pronoun
কোন? কাক, কাৰে, কালৈ, কাৰ, কাত।
- কাঁইkām̐iNoun
কাঁজিলা
- কাঁই-ৰাইkām̐i-rāiNoun
এবিধ ল'ৰাৰ খেল [ইয়াত বালি এদ'মৰ ভিতৰত এটা ল'ৰাই এডাল শলা বা খৰিকা সুমাই থৈ আন এটাক বিচাৰি উলিয়াবলৈ দিয়ে]
a kind of children's play
- কাঁইটkām̐iṭaNoun
যি ফুটে বা বিন্ধে; সৰু গোটা বস্ত্তৰ জোঙা আগ বা মূৰ; কণ্টক; হুল
anything that pricks; a thorn
- কাঁইটং-তিয়ঁহkām̐iṭam-tiẏam̐haNoun
তিয়ঁহ জাতিৰ এবিধ বনৰীয়া লতা [গছ আৰু পাতত শুং থাকে; তিয়ঁহৰ নিচিনা কিন্ত্ত তাতকৈ বহুত সৰু সৰু গুটি ধৰে; পকিলে ৰঙা হয়]; বন-তিয়ঁহ
a kind of creeper and its berries
- কাঁইটীয়া কচুka~i.ti.ya ko.suCommon Noun
দ ঠাইত হোৱা, কাঁইটীয়া, শকত গা-গছৰ কচু৷ পাতৰ মধ্যসিৰা, শাখা সিৰা কাঁইটীয়া, বৃন্ত দীঘল, ত্ৰিভুজাকাৰ,অখন্ড, বা পখীপাদাকৃতি৷
Arum like edible aquatic herb with thorns.
- কাঁইটীয়া চামুচka!i.ti.ya sa.musMaterial Noun
খাদ্য খাবলৈ ব্যৱহাৰ কৰা আগত দুডাল বা ততোধিক খৰিকা থকা এবিধ চামুচ-সদৃশ আহিলা।
An instrument having two or more prongs or tines, for holding, lifting, etc., as an implement for handling food.
- কাঁইটীয়া তাঁৰka~i.ti.ya ta~rAbstract Noun
Wire with interwoven sharp spikes, used in fences and barriers
- কাঁউৰka~.urVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.
- কাঁকৈkām̐kaiNoun
চুলিৰ জঁট ভঙা এবিধ দীঘল দীঘল কাঁইট বা দাঁত থকা ফণি
a kind of comb
- কাঁকৈছিৰাkām̐kaichirāNoun
কাঁকৈৰ দাঁত বা দাঁৰৰ মাজৰ দীঘল কাটৰ নিচিনা ফাট কাঁকৈৰে আঁচুৰিলে যেনেকৈ ছিৰে বা ফালে তেনে দীঘল ফাট
a strainght crack extending lengthwise
- কাঁকোলি-ভাতkām̐koli-bhātaNoun
অন্তিম সময়ত খাই লোবা ভাত।
- কাঁকৰাkām̐karāNoun
কেঁকোৰাৰ ঠেঙৰ নিচিনা দহ বা বাৰটা আঁকোৰা ঠেং থকা লোৰে কৰা নাও বন্ধা লঙ্গৰ
a boat-anchor
- কাঁচkām̐caNoun
চীন দেশৰ এবিধ উত্তম মাটি যাৰে সৈতে পাত্ৰ আদি গঢ়া যায়; কাঁচ-মাটি
a shot of clay from which chinawares are made
- কাঁচকলka~s.kolProper Noun
দেখিবলৈ জাহাজী কলৰ দৰে কিন্তু জাহাজী কলতকৈ টান জাতিৰ এবিধ কল| ইয়াক সাধাৰণতে কেঁচাই খাব নোৱাৰি যদিও ইয়াৰ পৰা বিভিন্ন ধৰণৰ ব্যঞ্জন ৰন্ধা হয়|
fruit of a tropical tree used mostly for cooking. Bananas are actually varieties of plantains.
- কাঁচঘৰka~s ghorMaterial Noun
চৌকাষ আৰু ওপৰ ভাগ আইনাৰে নিৰ্মিত ঘৰ৷
a building with glass sides and glass roof.