কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিশ্চিতকৰণVerbal Noun
কোনো তথ্যৰ শুদ্ধতা বা সত্যতা নিৰূপণ কৰা কাৰ্য্য বা প্ৰক্ৰিয়া
the process of research, examination, etc., required to prove or establish authenticity or validity
- নিশ্চিতিnis.si.tiAbstract Noun
সত্যতা, গুণাগুণ বা অৱস্থা নিশ্চিত হোৱা
The fact, quality, or state of being certain
- নিশ্চিন্তniścintaNoun
চিন্তাশূন্য; ভাবনা নথকা
free from anxiety
- নিশ্চিন্ততাnis.sin.to.taAbstract Noun
উদ্বেগ বা আশংকা নোহোৱা অৱস্থা|
lack of concern or anxiety.
- নিশ্চয়তাnis.soyo.taAbstract Noun
সত্যতা, গুণাগুণ বা অৱস্থা নিশ্চিত হোৱা
The fact, quality, or state of being certain
- নিশ্বাসniśbāsaNoun
উশাহ; নিশ্বাস-প্ৰশ্বাস উশাহ-নিশাহ।
- নিষnixMaterial Noun
কাঁৰ বা শৰ থোৱা অথবা কঢ়িয়াই নিয়া চুঙ্গা|
A case for holding or carrying arrows.
- নিষংগni.xong.goMaterial Noun
কাঁৰ বা শৰ থোৱা অথবা কঢ়িয়াই নিয়া চুঙ্গা|
A case for holding or carrying arrows.
- নিষাদniṣādaNoun
ব্যাধ; চৰাই-পহু আদি মাৰি ফুৰা মানুহ
a hunter; a sportsman
- নিষিক্তকৰণni.xik.to.ko.ronAbstract Noun
সুক্ৰাণু আৰু ডিম্বাণুৰ মিলন৷
It is fusion of gametes to form a new organism of the same species. In animals, the process involves a sperm fusing with an ovum, which eventually leads to the development of an embryo.
- নিষুপ্তni.xup.toAbstract Noun
টোপনি যোৱা অৱস্থা
in or into a state of sleep
- নিষুপ্তিni.xup.tiAbstract Noun
নিদ্ৰা যোৱা অৱস্থা; জিৰণিৰ এনে এক অৱস্থা যেতিয়া শৰীৰৰ সকলো ইচ্ছাকৃত কাৰ্য্য সাময়িকভাৱে স্থগিত থাকে আৰু চেতনা আংশিক বা সম্পূৰ্ণভাৱে ব্যাহত হয়
the state of rest with a suspension of voluntary bodily functions and the natural suspension, complete or partial, of consciousness.
- নিষেচনni.xe.sonAbstract Noun
সুক্ৰাণু আৰু ডিম্বাণুৰ মিলন৷
It is fusion of gametes to form a new organism of the same species. In animals, the process involves a sperm fusing with an ovum, which eventually leads to the development of an embryo.
- নিষেধniṣedhaNoun
বাধা; মানা; বাৰণ; হাক
prohibition; prevention
- নিষেধাজ্ঞাniṣedhājñāNoun
মানা কৰি দিয়া হুকুম; বাৰণাৰ্থক আদেশ
injunction; prohibition
- নিষ্ খলniṣ, khalaNoun
খল; দুষ্ট
wicked
- নিষ্কnis.koMaterial Noun
অতিশয় নমনীয় হালধীয়া বৰণৰ এক মূল্যবান ধাতৱ মৌল, যি বিজাৰিত বা ক্ষয়িত নহয়৷ পাৰমাণৱিক চিহ্নঃ Au; পাৰমাণৱিক ভৰঃ ১৯৬.৯৬৭; পাৰমাণৱিক সংখ্যাঃ ৭৯; আপেক্ষিক গুৰুত্বঃ ১৯.৩, ২০ ডিগ্ৰী চেলচেয়াচ উষ্ণতাত৷
a precious yellow metallic element, highly malleable and ductile, and not subject to oxidation or corrosion. Symbol: Au; atomic weight: 196.967; atomic number: 79; specific gravity: 19.3 at 20°C.
- নিষ্কলুষতাAbstract Noun
মন,বস্তু বা ঠাইৰ শুচি, পৱিত্ৰ বা/আৰু বিশুদ্ধ অৱস্থা ৷
the state or quality of being pure/clean/untainted
- নিষ্কলুৰniṣkaluraNoun
পাপহীন।
- নিষ্কাniṣkāNoun
খৰাহি।