কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লাৰণla.ronVerbal Noun
জুলীয়া বস্তু কোনো সঁজুলিৰে লৰোৱা কাৰ্য্য
the act of agitating a liquid with an implement
- লাৰ্larVerb-Trans.
কিহবাক এফালৰ পৰা আনফাললৈ খৰকৈ গতি কৰোৱা
to move sth rapidly from side to side
- লি(লে)খনাৰ্থেAdverb
লিখিবৰ কাৰণে
for the purpose of writing
- লিক্ লিক্Adverb
কৰে।
- লিক্লিকাliklikāIntransitive verb
"লকলকা" চোবাঁ।
- লিখনli.khonVerbal Noun
গদ্য বা পদ্য লিখা কাৰ্য্য ।
The act of writing of prose and poetry.
- লিখাlikhāTransitive verb
আনৰ দ্বাৰা লিখা বা আখৰ দিয়া কাৰ্য্য কৰা
cause to be written; cause to be printed
- লিখিতli.khi.toVerbal Adj.
গদ্য, পদ্য, বা কোনো পুথি লিখা কাৰ্য্য; গীত অথৱা সংগীত ৰচনা কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়
produced by writing, composing (Specially used for music, literature etc.)
- লিখ্likhTransitive verb
আখৰৰ দ্বাৰা ব্যক্ত কৰ্; আখৰেৰে বিদিত কৰ্; আখৰ দি; অঙ্কিত কৰ্; লেখ্
to write
- লিজঞlijañaTransitive verb
লোবা; যেনে-"ৰয়নী দিবলে লিজঞ ৰাম-নাম" (বৰগীত)।
- লিপlipVerb-Trans.
কাৰোবাক বা কিহবাৰ ওপৰত থুপথুপীয়া, আলতীয়া বস্তু সনা৷ শৰীৰৰ চালত ক্ৰীম বা বেৰত চিমেন্ট, চোতালত গোবৰ মিহলোৱা আলতীয়া মাটি আদি সনা ৷ যেনে: মৰণা মাৰিবলৈ আজি চোতালখন লেপিব/ লিপিব লাগিব৷ বেৰখনত লেপ দিব পাৰিবিনে? মজিয়াখন লেপ/ লিপচোন৷
to cover somebody, something with a sticky substance.
- লিপনli.ponVerbal Noun
কিহবাৰ ওপৰত বা পৃষ্ঠত (কোনো তেলীয়া, বিজলুৱা বা তিতা বস্তু) সানি দিয়া কাৰ্য্য
the act of spreading or daubing (an oily, greasy, viscous, or wet substance) on or over something
- লিপাli.paVerbal Adj.
গোটেই পৃষ্ঠতে ডাঠকৈ লিপি থোৱা
thickly smeared or covered all over the surface
- লিপা-পোঁচাli.pa-po`~.saVerbal Adj.
লিপি-মচি পৰিষ্কাৰ কৰা
cleansed and smeared or plastered
- লিপিবদ্ধ কৰ্lipiboddho korVerb-Trans.
কাগজৰ দৰে বস্তুৰ পৃষ্ঠত (আখৰ, শব্দ বা চিহ্ন) কলমৰ নিচিনা সঁজুলিৰে অঙ্কিত কৰ্
To form (letters, words, or symbols) on a surface such as paper with an instrument such as a pen.
- লিপ্lipTransitive verb
বোকা বা তাৰ দৰে লেও লোবা বস্ত্তঃ ঘঁহি লগা
to plaster or besmear with
- লিপ্ত কৰ্Verb-Intran.
কোনো অপৰাধমূলক কাৰ্যত জড়িত থকাৰ অভিযোগ কৰ্
to show that someone has been involved in a crime etc.
- লিপ্যন্তৰকৰণli.pyon.tor.ko.ronVerbal Noun
এটা ভাষাৰ আখৰ, শব্দ আদি আন এটা ভাষাৰ আখৰ বা শব্দেৰে প্ৰকাশ কৰাকৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়া
the process of changing (letters, words, etc.) into corresponding characters of another alphabet or language
- লিপ্যান্তৰ কৰ্li.pyan.tor korVerb-Trans.
বক্তব্য, ভাষা বা শব্দৰ পৰিৱৰ্তন নকৰাকৈ মাত্ৰ বৰ্ণমালাৰ পৰিৱৰ্তন ঘটাই আন বৰ্ণমালাত লিখা৷
to write a word or letter in a different alphabet.
- লিহিলlihilaTransitive verb
লিখিলে; যেনে-'কতনো লিহিল বিহ অভাগীক ক্লেষ" (বৰগীত)।