কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বলাই-ঘটাইbalāi-ghaṭāiAdverb
ছলে-বলে, কৈ মেলি
by coaxing and persuading
- বলাত্কাৰbo.lat.karVerbal Noun
বলপূৰ্বক স্ত্ৰী সম্ভোগ কৰা কাৰ্য্য ৷
The act of having sexual intercourse with a woman by force.
- বলাৎকাৰ কৰ্bo.lat.kar korVerb-Trans.
বল প্ৰয়োগ কৰি যৌন সম্ভোগ কৰ্
to force to have sexual intercourse
- বলিয়াbaliẏāTransitive verb
ঘূৰণীয়া কৰ্; যেনে-"জঙ্ঘা দুই বৰ্ত্তুল কুন্দত বলিয়াইল" (মা. ক., লঙ্কাকাণ্ড)।
- বলিয়া তিয়াbaliẏā, tiẏāIntransitive verb
কাম-ভাবত উন্মত্ত হ (হাতী)
to be in rut (said of an elephant)
- বলেৰেbo.le.reAdverb
বল প্ৰয়োগ কৰি
by force or by applying force
- বলেৰে আদায়কৰণVerbal Noun
বল প্ৰয়োগ কৰি বা ভীতিগ্ৰস্ত কৰি কিবা আদায় কৰা কাৰ্য্য
the act of obtaining something by force or threats
- বল্balIntransitive verb
চল্; গতি কৰ্
to blow (as wind or current)
- বল্ক্balkTransitive verb
বলক্; বক্; যেনে-"বিস্তৰ বল্কিল আৰু বচন নিষ্ঠুৰ"। (ৰুক্মিণীহৰণ)।
- বল্বলাbol.bo.laVerb-Intran.
নিৰৱচ্ছিন্ন ভাৱে অৰ্থহীন কথা ক
to speak non-stop without logic and consistency.
- বলৱৎ কৰ্bo.lo.wot korVerb-Trans.
আইন মানিবলৈ বাধ্য কৰ্
Compel observance of a law etc.
- বশ কৰ্box korVerb-Trans.
কাৰোবাক নিজৰ অধীনত/আদেশত কাম কৰোৱাব পৰা কৰি ল ৷
To make domesticated or bring under subjugation
- বশ মান্box manVerb-Intran.
আনৰ ক্ষমতা বা কৰ্ত্তৃত্বৰ ওচৰত নিজকে সমৰ্পণ কৰ্৷
to yield oneself to the power or authority of another.
- বশ হbox hoVerb-Intran.
আনৰ ক্ষমতা বা কৰ্ত্তৃত্বৰ ওচৰত নিজকে সমৰ্পণ কৰ্৷
to yield oneself to the power or authority of another.
- বশীকৃতbo.xi.kri.toVerbal Adj.
যি কোনো যুদ্ধ বা খেলত হাৰিছে
one who has lost in a battle or game
- বশ্যতা স্বীকাৰ কৰ্bo.syo.ta swi.kar korVerb-Intran.
আনৰ ক্ষমতা বা কৰ্ত্তৃত্বৰ ওচৰত নিজকে সমৰ্পণ কৰ্৷
to yield oneself to the power or authority of another.
- বসতি পাতbo.xo.ti korVerb-Intran.
কোনো ঠাইত বাস কৰিবলৈ ল বা ঘৰ কৰি থাকিবলৈ ল
to take up residence or to start living in
- বসবাস কৰ্bo.xo.bax korVerb-Intran.
কোনো ঠাইত বসতি কৰ্
to live in a place / to reside
- বস্basIntransitive verb
বহ্ (পু. অ.); যেনে-"বসিল তথাত মাধবক মধ্য কৰি" (দশম)
to sit
- বস্তুতঃbos.tu.tohAdverb
বাস্তৱত সংঘটিত হোৱা মতে।
as done or happening in real.