কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আকস্মিকভাৱেa.kos.mik.bha.weAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- আকস্মিতেAdverb
(পু. অ.)।
- আকাংক্ষিতa.kang.khyitVerbal Adj.
যিটো হ’ব লাগে বা কৰিব লাগে বুলি ভৱা হয়
anything which is desired
- আকাশতেa.ka.xo.teAdverb
বায়ুৰ মাজত ওলমি থকা বিষয়ক৷
hanging in the air or sky.
- আকাশমুখীAdverb
towards the sky.
- আকাৰে-ইঙ্গিতেAdverb
ভাব-ভঙ্গীৰে।
- আকাৰে-প্ৰকাৰেa.ka.re-pro.ka.reAdverb
শৰীৰৰ শ্ৰী আৰু স্বভাৱৰ ফালৰ পৰা
by look and by nature
- আকৃতি দেak.ri.ti deVerb-Trans.
এটা নিৰ্দ্দিষ্ট ভৌতিক ৰূপ দে।
to give a particular shape.
- আকৃষ্টa.kris.toVerbal Adj.
কোনোবা বা কিহবাৰ ফালে টনা বা গতি কৰাৰ প্ৰৱণতা দেখুওৱা
tending to move towards somebody or something
- আকৃষ্ট কৰ্a.kris.to korVerb-Trans.
শাৰীৰিক সান্নিধ্য অবিহনে, কিন্তু এক অদৃশ্য শক্তিৰ জৰিয়তে কোনো বস্তু বা মানুহক আন বস্তু বা মানুহৰ ওচৰ চপাই অনা
to bring itself/oneself towards another object/person without physical contact, but by means of an abstract force
- আকৌākauAdverb
আৰু এবাৰ; পুনৰায়
once again; again
- আক্ষেপ কৰ্a.khyep korVerb-Intran.
কুকৰ্মৰ পিচত দুখ কৰ্ |
To feel sorry, self-reproachful, or contrite for past conduct; be conscience-stricken about a past action, attitude, etc.
- আক্ষৰিক অনুবাদa.khyo.rik o.nu.badVerbal Noun
মূলৰ একো সালসলনি নকৰাকৈ কৰা অনুবাদ।
translation of the source text word by word, line by line without any interpretation.
- আক্ৰমak.romVerb-Trans.
শাৰীৰিকভাৱে বল প্ৰয়োগ কৰি অথবা মুখেৰে সমালোচনা কৰি কাৰোবাক আঘাত কৰ্।
Hurt someone physically by use of force or verbally by criticising.
- আকৰ্ণākarṇaAdverb
কাণলৈকে বা কাণৰ ওচৰলৈকে হোবা বা যোবা; যেনে-আকৰ্ণ সন্ধান
reaching up to the ear
- আকৰ্ষণ কৰ্a.kor.xon korVerb-Trans.
শাৰীৰিক সান্নিধ্য অবিহনে, কিন্তু এক অদৃশ্য শক্তিৰ জৰিয়তে কোনো বস্তু বা মানুহক আন বস্তু বা মানুহৰ ওচৰ চপাই অনা
to bring itself/oneself towards another object/person without physical contact, but by means of an abstract force
- আকৰ্ষিত কৰ্a.kor.xit korVerb-Trans.
কাৰোবাক কিবা কৰাবলৈ আকৰ্ষিত কৰ৷
to attract someone to do something
- আকৰ্ষ্, আকৰ্ষণ কৰ্Transitive verb
to attract
- আখ্যা দেa.khya deVerb-Trans.
to give a specific name or category to somebody/something
- আখৰ জোঁটাa.khor jo’~taVerb-Trans.
কোনো শব্দৰ বৰ্ণ সমূহ শুদ্ধকৈ কোৱা বা লিখা; বৰ্ণ/আখৰ গোটাই তাৰপৰা শব্দ বনোৱা৷
to say, write the letters of a word in the correct order or to form words correctly from individual letters.