কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হম্বতাNoun
চুটি-চাপৰ হোবা গুণ, অবস্হা
shortness; lowness
- হম্হমনিNoun
হম্ হম্ কৰা কাৰ্য্য; মন বা বুকুৰ পোৰণি
anguish of mind caused by grief or painful recollection
- হলholCommon Noun
এটা আহল-বহল কোঠালী৷
a large public room or building
- হল-ফলhala-phalaNoun
লৰ্চৰ্ কৰা; জোকাৰ খোবা; যেনে-'কৰ্ণৰ কুণ্ডল দোলে; স্তন হল-ফল কৰে' (কীৰ্ত্তন)
the act of moving or shaking
- হলকৰ্মho.lo.kor.moAbstract Noun
কোনো শস্য ৰূপণ আৰু পতি-পালন কৌশল আৰু বিজ্ঞান৷
the art, science or business of growing a specific plant
- হলখho.lokhCommon Noun
অসমকে ধৰি দক্ষিণ-পূৱ এছিয়াৰ হাবিত পোৱা এবিধ ওখ,ডাঙৰ কাঠ গছ৷
Large trees of the flowering plant family, Combretaceae distributed in tropical regions of the world. Its extracts have antifungal, antibacterial, anti-cancer and hepatoprotective indications. Because of these properties it is popular as a building material.
- হলঘৰhol.ghorCommon Noun
এটা আহল-বহল কোঠালী৷
a large public room or building
- হলধা আলুhaladhā, āluNoun
চীনা বা মোবা আলুৰ নিচিনা পাতেৰে এবিধ হাৰিত হোবা লতা আৰু তাৰ মাটিৰ তলত বঢ়া দীঘলীয়া কাঠ আলু সদৱশ আলু [লতাৰ গাতে আলু-গুটিৰ নিচিনা গুটি গুটি আলু ধৰে; তাৰ ভিতৰত মঙহৰ বৰণ হালধীয়া; পুৰি বা আঞ্জা খোবা যায়।]
the wild bulb bearing yam; Dioscorca bulbifera
- হলধৰhaladharaNoun
বলভদ্ৰ; শ্ৰীকৱষ্ণৰ ককায়েক; বসুদেবৰ অন্যতমা ভাৰ্য্যা ৰোহিণীৰ পুত্ৰ
Balabhadra, the brother of Krsna
- হলফhalaphaNoun
শপত; বিশেষকৈ আদালতত সাক্ষী বা জবানবন্দী দিয়াৰ আগতে সঁচা কথা ক'বলৈ কৰা অঙ্গীকাৰ
a swearing; an oath; a solemn affirmation
- হলফ-নামাNoun
সত্য কৈছো বুলি স্বীকাৰ কৰা পত্ৰ
a document of oath or solemn declaration
- হলফনামাho.loph.na.maMaterial Noun
শপত গ্ৰহণ কৰাৰ প্ৰমাণ স্বৰূপে দিয়া লিখিত বক্তব্য
a written statement given as a proof of taking an oath
- হলফলীhalaphalīNoun
পৰামলখি।
- হলবাহনhalabāhanaNoun
হাল বোবা কাৰ্য্য; যেনে-"হলবাহনৰ দিন"
ploughing
- হলাhalāTransitive verb
"হল্" চোবাঁ।
- হলাহলhalāhalaAdjective
হলাৰ দৰে আঁতৰত থকা; সেৰেঙা; পাতলকৈ বোবা; যেনে-"খৰাহিটো বোবা হলাহল হল"
woven apart
- হলায়ুধhalāẏudhaNoun
হলধৰ; বলভদ্ৰ
Balabhadra
- হলিhaliNoun
দৌলযাত্ৰা; ফাকুবা
the spring festival of scattering red powder
- হলি-গলিhali-galiNoun
বৰ সৌহাৰ্দ্দভাব; সাবটা-সাবটি; বৰ মিল ভাৰ
act of embracing with affection; intimate friendship or attachment
- হলিউডho``.li.udProper Noun
এখন আমেৰিকান চহৰ আমেৰিকান চিনেমা নিৰ্মাণৰ কেন্দ্ৰস্থল হিচাপে প্ৰসিদ্ধ৷
It is a district in the central region of Los Angeles, California, in the United States.It is notable for its place as the home of the entertainment industry, including several of its historic studios. Its name has come to be a metonym for the motion picture industry of the United States.