কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওপৰ্-সবাহopar-sabāhaNoun
উপৰি পুৰুষসকলৰ সন্তোষৰ অৰ্থে বুঢ়ী গোপিনীয়ে কেঁচা উপহাৰ দি বাহিৰ ঘৰ বা চোতালত সুকীয়া নাম-গুণেৰে কৰা সবাহ।
- ওপৰৱালাo`.por.wa.laAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- ওফাইডাংophāiḍāmNoun
ডাঙ্কোপ।
- ওফাইদাংo`.phai.dangAbstract Noun
নিজৰ বিষয়ে ডাঙৰ ডাঙৰকৈ জহাই কোৱা কথা।
speaking of yourself in superlatives.
- ওফাইদাঙীয়াo’.phai.da.ngi.yaCommon Noun
মইবৰ ভাবেৰে ডাঙৰ কথা কৈ আনক বিৰক্ত কৰা লোক; জোখতকৈ বেছি কথা কোৱা আমনিদায়ক ব্যক্তি
an annoying person who talks loudly or too much in an offensive, boastful or stupid way
- ওফোন্দophondaNoun
ঠেহ; যেনে-"ইয়াৰ অলপতে ওফোন্দ লাগে"
sullenness
- ওফোন্দাই-গঙাটোপophondāi-gaṅāṭopaNoun
গণ্ডপ মাৰি ফুৰা মানুহ
a bully, blustering fellow
- ওফৰা-উফৰিopharā-uphariNoun
পৰস্পৰ খুন্দা খাই ছিটিকি পৰা; ঠেকা খাই আঁতৰা-আঁতৰি হোবা
the act of being violently thrown asunder
- ওফৰা-পিংগলাo`.pho.ra ping.go.laProper Noun
চাল উখহি ৰঙা হোৱা এবিধ ভাইৰাছজনিত ৰোগ ৷
An acute streptococcal infection characterized by deep-red inflammation of the skin and mucous membranes
- ওফৰা-পিঙলাopharā-piṅalāNoun
মানুহৰ গাত হোবা এবিধ ৰোগ [ই হ'লে ছাল উখহি ৰঙা হয় আৰু এঠাইৰপৰা আন ঠাইলৈ ছিটিকি গৈ বাঢ়ি যায়; কোনোবে পুৰৈ বোলে।]
a skin disease; Erysipelas
- ওফৰাজেংo’.pho.ra.jengCommon Noun
হঠাৎ মানুহৰ ঘৰত উপস্থিত হোৱা অপ্ৰত্যাশিত আলহী৷
A guest who visits suddenly without prior notice and departs quickly.
- ওবাobāIndeclinable
সম্বোধন কৰা মাত; হেৰা; যেনে -"ওবা তুলসী সমিধান দিয়া" (কীৰ্ত্তন)।
- ওবা-বনobā-banaNoun
সাধাৰণ এটা কাম; যেনে-সি ওবা-বন দোবা কৰিছে।
- ওবাইডাংobāiḍāmNoun
ওফাইডাং; বৰ-কথা; গণ্ডপ
vain boasting
- ওবাকথৈobākathaiNoun
এজাতি পৰ্ব্বতীয়া বাঁহ
a species of bamboo
- ওবাকিপobākipaNoun
বুজ; জ্ঞান; সম্ভেদ
knowledge; information
- ওবাকিপহালobākipahālaNoun
পৰিস্হিতি সম্পৰ্কে জ্ঞান।
- ওবাকেফobākephaNoun
সম্পত্তি
property
- ওবাৰobāraNoun
গিলিপ; ঢাকনি
a cover
- ওবাৰিobāriNoun
হাউলি; ঘৰ-বাৰী; চাৰি ঢাপৰ ভিতৰৰ ঠাই
a pavilion