কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শস্যপূৰ্ণProper Adj.
পোৱালী জন্ম দিব পৰা বা ঘাহ-বন গজিব পৰা৷
capable of producing offspring or growing or developing, not dry.
- শস্যবলীxo.syo.bo.liProper Adj.
পোৱালী জন্ম দিব পৰা বা ঘাহ-বন গজিব পৰা৷
capable of producing offspring or growing or developing, not dry.
- শস্যশালীśasyaśālīAdjective
উৰ্ব্বৰা; অধিক শস্য হোবা; সাৰুবা (মাটি)
fertile
- শহা-কণীয়াxo.ha-ko.ni.yaProper Adj.
সদায় সম্ভাৱ্য বিপদ সম্পৰ্কে সচেতন
always mindful of possible trouble
- শহাকণীয়াAdjective
শহাপহুত দৰে অলপ শব্দ হ'লেই শুনা
very quick of hearing
- শাঁতśām̐taAdjective
জুৰ; শীতল; চেঁচা
cool; calm; tranquil
- শাও-খোৱাxao`-kho`.waProper Adj.
যি শাও পাইছে ৷
under the influence of the ill effects of a curse.
- শাওণাAdjective
শাওণ মাহত ওপজা বা হোবা।
- শাকনীয়াAdjective
সেউজীয়া; শাক- পাচলিৰ বৰণৰ
green; of the colour of vegetables
- শাক্তśāktaNoun
দুৰ্গা, কালী আদিৰ উপাসক; শক্তি-উপাসক; তান্ত্ৰিক
a worshipper of the female principle, Durgā or her forms
- শাখা-প্ৰশাখা যুক্তxakha-pro.xa.kha juk.toProper Adj.
ঠাল-ঠেঙুলি থকা|
bearing braches.
- শাখাযুক্তxa.kha.juk.toProper Adj.
ঠাল-ঠেঙুলি থকা|
bearing braches.
- শাঙ্কৰীśāṅkarīAdjective
শঙ্কৰী; শঙ্কৰদেবৰ সময়ৰ বা তেওঁৰ প্ৰভাব থকা; যেনে-"অসমীয়া ভাষাৰ শাঙ্কৰী যুগ"
pertaining to the time of Śaṇkaradeva
- শাণিতxa.nitProper Adj.
ধাৰ থকা।
having a thin edge suitable for cutting.
- শাণিতবুদ্ধিxa.nit.bud.dhiProper Adj.
অতি সজাগ মনৰ অধিকাৰী, বিশেষকৈ যিকোনো বিপদ অতিক্ৰম কৰিব পৰা বা সতকাই সমিধান দিব পৰা গুণ-বিশিষ্ট
having a keenly alert mind, esp as used to avert danger, make effective reply, etc
- শানিতxa.nitProper Adj.
ধাৰ থকা।
having a thin edge suitable for cutting.
- শান্তśāntaAdjective
ধীৰ স্বভাবৰ; খং নথকা; স্হিৰ; জুৰ
calm; quiet
- শান্ত-শিষ্টxan.to-xis.toProper Adj.
সন্মান আৰু সম্ভ্ৰম সহকাৰে কথা কোৱা বা আচৰণ কৰা
speaking or behaving with respect and dignity
- শান্ত-সমাহিতProper Adj.
লৰচৰ বা শব্দ নকৰা
Devoid of noise or movement
- শান্তমনাśāntamanāAdjective
ধীৰমনা
composed; not disturbed by passions