কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চন্দলাcandalāAdjective
বাউ ভাঙি ফেৰ মেলা আৰু মুকলি হোবা (পাচি- খৰাহি)
flattened out owing to the rim being broken
- চন্দাcandāNoun
এবিধ চেপেটা ঘূৰণীয়া মাছ [ইয়াৰ অনেক জাতি আছে; যেনে-ৰঙা চন্দা . আৰু ফুলচন্দা
Ambassis ranga ; Equnla odentula]; a kind of small flat round fish
- চন্দুবাcandubāAdjective
লজ্জিত; অপমান পোবা; লাজ পোবা
put to shame; ashamed; abashed
- চন্দুৱাProper Adj.
মানসিক অস্থিৰতা বা সাজু নোহোৱা অৱস্থাত থকা
being in a tense; unprepared state
- চন্দ্ৰবংশীAdjective
চন্দ্ৰ বংশত জন্মা
of the lunar race
- চন্দ্ৰাবতীcandrābatīAdjective
চন্দ্ৰাবলী; যেনে-"চন্দ্ৰাবতী ৰজনী দেখি বহু দূৰ" (মা.ক., কিষ্কিন্ধ্যাকাণ্ড)।
- চন্দ্ৰাবলীcandrābalīAdjective
জোনৰ দ্বাৰা প্ৰকাশিত; জোনাক
moon-light
- চপচপীয়াsop.so.pi.yaProper Adj.
কোনো বস্তুৰে সম্পূৰ্ণকৈ ভৰি থকা
occupied completely with something
- চপনীয়াcapanīẏāNoun
কোনো তিৰোতাক ভাৰ্য্যা-স্বৰূপে লৈ সেই তিৰোতাৰ ঘৰতে বাস কৰা মানুহ; লোকৰ ঘৰত পেট পুহি থকা মানুহ
a man living at the house of his wife; a domesticated son-in-law; a man who lives at the house of another as a dependant
- চপলcapalaAdjective
চঞ্চল; অস্হিৰ; তৰল; গহীন নোহোবা
unsteady
- চপ্চপীয়াcapcapīẏāAdjective
মুখলৈকে পূৰ বা ভৰা; কাণৰ সমানলৈকে ভৰা
full to the brim
- চপৰা-চপৰAdjective
অনেক চপৰা বা খণ্ড কৰা; খণ্ড খণ্ড; ডোখৰ ডোখৰ
divided or formed into many pieces
- চফলcaphalaAdjective
বল-শক্তিৰে ফুলি উঠা; ডেকা কালৰ তেজ শক্তিৰে পূৰ (ডেকা ল'ৰা)
full of vigour and beauty as a young man
- চফাcaphāAdjective
পৰিষ্কাৰ; নিৰ্ম্মল
clean
- চফেদcaphedaAdjective
বগা, চফা
white; stark- white
- চবাৰcabāraAdjective
বেছি; বঢ়া; যেনে-"আৰো প্ৰহৰৰ পথ হোবয় চৰাবে" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড); . ওখ; যেনে -"কৈলাস পৰ্ব্বত সমান চৰাব ৰাবণৰ ধৌলিবৰ" (মা. ক., লঙ্কাকাণ্ড)
more; further ; high
- চবুজcabujaAdjective
কলপতীয়া; সেউজীয়া; শ্যাম
green
- চভিয়া খোৱাso.bhi.ya kho`.waProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- চভিয়া পৰাso.bhi.ya po.raProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- চভিয়া পৰা, চভিয়া খোবাcabhiẏā, parā, cabhiẏā, khobāAdjective
নৰিয়া বা এলাহৰ কাৰণে লৰচৰ কৰিব নোখোজা; অকৰ্ম্মণ্য
languid or spiritless owing to illness or laziness