কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘেৰ্ঘেৰাIntransitive verb; Adjective
A Aঘেৰ্ঘেৰীয়া ঘেৰ ঘেৰ্ কৰা; ডিঙিত কফৰ কাৰণে বা পানী লাগি ভগা আৰু কৰ্কশ (মাত)
hoarse
- ঘৈয়ালghaiẏālaAdjective
বৰকৈ ঘা লগোবা; চোকা
sharp; fierce
- ঘোঁকটNoun
আচল ঠাই; সহজে ঢুকি নোপোবা ঠাই; সহজে সোমাৰ নোবৰা বা বস্ত্ত বিচাৰি নোপোবা ঠাই
a place not easily accessible
- ঘোঁকোটProper Adj.
কোনো মানুহ নথকা ঠাই৷
a place that is empty and not attractive, with no people or nothing pleasant in it.
- ঘোচখোৰgho`s.kho`rProper Adj.
দুৰ্নীতিৰ আশ্ৰয় লোৱা বা অনৈতিক কাম কৰা লোক
guilty of dishonest practices, as bribery;lacking integrity
- ঘোদাghodāAdjective
বোকা বা মাটি-মিহলি; মলিন
muddy; dirty
- ঘোপ মৰাghop mo.raVerbal Adj.
চাৰিওফালৰ পৰা ঢাকি বা বেৰি ধৰা (আন্ধাৰ)
closed on all sides (darkness)
- ঘোপ, ঘোপ মৰাghopa, ghopa, marāAdjective
কেয়োফালৰপৰা ঢাকি বা বেৰি ধৰা
very gloomy; enclosed on all sides, said of darkness
- ঘোপলা-ঘুপলিghopalā-ghupaliAdjective
ওখ-চাপৰ কৰি কটা (চুলি)
unevenly cropped, as one's hair
- ঘোপাghopāAdjective
তললৈ বা ভিতৰলৈ সোমোবা (চকুত)
sunken
- ঘোপা-চকুবাAdjective
ভিতৰলৈ সোমোবা চকুৰে; দকৈ বহা চকু যাৰ
sunken-eyed
- ঘোলাgholāAdjective
বোকা বা মলি-যুক্ত
muddy; dirty
- ঘোল্ঘুলীয়াgholghulīẏāAdjective
গেল্গেলীয়া; বৰকৈ পকি গলিয়ন হোবা
putrid; over-ripe
- ঘোল্ঘুলীয়াProper Adj.
ঘোলৰ নিচিনা হোৱা, বৰকৈ পকি গলি যোৱাৰ দৰে হোৱা
Soft like mush, being soft, mushy, squashy or tender, matured to excess
- ঘোষিতghoṣitaAdjective
জাননী দিয়া; প্ৰচাৰিত; ঘোষণা কৰা
proclaimed; notified
- ঘোৰghoraAdjective
ভয় লগা; ভয়ঙ্কৰ; ভয়ানক
frightful
- ঘোৰ খোৱাgho`r.kho`.waProper Adj.
নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
diverging from a given straight line or course.
- ঘোৰতৰghorataraAdjective
বৰ ভয়ানক; বৰ প্ৰবল
exceedingly frightful; very intense
- ঘ্ৰাতব্যVerbal Adj.
গোন্ধ ল’বলগীয়া
good or fit to smell
- ঘৰ লোৱাghor.lo.waProper Adj.
পোহনীয়া বা মানুহে ঘৰত পালন কৰা (জীৱ-জন্তু)|
adapted to live in close association with human.