কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সুপক্কsupakkaAdjective
সুসিদ্ধ
well-cooked.
- সুপাঠ্যxu.pa.thyoProper Adj.
পঢ়িবলৈ সহজ আৰু ভাল লগা
easy and pleasant to read
- সুপালিতVerbal Adj.
যাক ভালকৈ প্ৰতিপালন কৰা হৈছে
well-cared, kept under good care
- সুপ্তsuptaAdjective
নিদ্ৰিত; টোপনিত পৰি থকা; শোবাৰ ঘৰে শান্ত হৈ থকা
sleeping; dormant.
- সুপ্ৰতিষ্ঠProper Adj.
সমাজত ভালভাৱে প্ৰতিষ্ঠা লাভ কৰা বা সমাজত যশ, প্ৰতিপত্তি আদি লাভ কৰিবলৈ সক্ষম হোৱা
well established
- সুপ্ৰতিষ্ঠিতProper Adj.
সমাজত ভালভাৱে প্ৰতিষ্ঠা লাভ কৰা বা সমাজত যশ, প্ৰতিপত্তি আদি লাভ কৰিবলৈ সক্ষম হোৱা
well established
- সুপ্ৰভxu.probhProper Adj.
বহু পৰিমাণৰ প্ৰাকৃতিক অথবা কৃত্ৰিম পোহৰ যুক্ত৷
Having lots of light either natural or artificial.
- সুপ্ৰসন্নsuprasannaAdjective
ভালদৰে তুষ্ট হোৰা
much pleased; highly favourable.
- সুপ্ৰসিদ্ধsuprasiddhaAdjective
অতি বিখ্যাত।
- সুপ্ৰীতxu.pritProper Adj.
সকলো প্ৰয়োজন পূৰণ হোৱাৰ বাবে আনন্দিত
happy as all requirements are met
- সুপৰিকল্পিতxu.po.ri.kol.pi.toVerbal Adj.
সফলতা সুনিশ্চিত কৰাৰ বাবে আগতীয়াকৈ ভালদৰে আঁচনি কৰা
suitably devised or drafted in advance to ensure success
- সুপৰিচিতxu.po.ri.si.toProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- সুফলাsuphalāAdjective
য'ত প্ৰচুৰ ফল হয় (দেশ)।
- সুবঙ্গsubaṅgaAdjective
সুন্দৰ বৰণৰ; বিচিত্ৰ ৰংযুক্ত: যেনে- "সুবঙ্গ বসন: বতন ভূষণ: ভূষিত কৰিয়া কালা" (বৰগীত)।
- সুবদিsubadiAdjective
অলপ সোবাদ গুণ থকা; ঈষৎ সোবাদ
sweetish; slightly sweet
- সুবলিতsubalitaAdjective
ধূনীয়াকৈ কুন্দোবা; ঘূৰণীয়া
round.
- সুবসsubasaAdjective
উত্তম ৰস-যুক্ত; মিঠা; সোৰাদ; সুমধূৰ
sweet; delicious.
- সুবাসিতxu.ba.xitProper Adj.
মিঠা, ভাললগা গোন্ধ থকা বা দিয়া
having or producing a pleasent, sweet smell
- সুবাহ্যxu.ba.jyoProper Adj.
আকাৰত সৰু আৰু যিটো লৈ ফুৰিব পাৰি ।
Something that can be easily or conveniently transported.
- সুবিখ্যাতxu.bi.khyatProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed