কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হেঙুলhe.ngulMaterial Noun
সীহেৰে কৰা তিৰোতাই ফোঁট লোৱা এবিধ ৰঙা গুড়ি বস্তু|
A brilliant red pigment traditionally used on their forehead by married Hindu woman. Chemically, HgS.
- হেঙূলheṅūlaNoun
হিঙূলে; কাঠ আদিত ৰং দিয়া এবিধ ৰঙা বৰণৰ বস্ত্ত
vermilion
- হেঙেৰাheṅerāNoun
গোটা বাঁহ বা কাঠৰ গোঁজ পুতি তাত পথালিকৈ বাঁহ বান্ধি দিয়া শকত জেওৰা
a fence of stakes; a palisade
- হেঙেৰাবাৰীhe.nge.ra.ba.riProper Noun
গুৱাহাটী মহানগৰীৰ এখন উল্লেখযোগ্য স্থান
A place in Guwahati city
- হেঙ্গামheṅgāmaNoun
জঞ্জাল; নানা প্ৰকাৰ অসুবিধা
trouble caused by pressure of work
- হেজাৰhejāraNoun
হাজাৰ।
- হেজাৰী ভাওনাhejārī, bhāonāNoun
বহুত মানুহ বা বহুত খেল গোট খাই একে ঠাইতে কেবাখনো বভা দি কৰা ভাওনা
simultaneous dramatic performances at the same time and place
- হেটুলুকাhe.tu.lu.kaCommon Noun
হেটুলুক, হেটুলুক বুলি ডাঙৰকৈ চিঞৰি থকা চৰাই বিশেষ ৷
barbet, any of about 80 species of tropical birds constituting the family Capitonidae (order Piciformes). Barbets are named for the bristles at the bases of their stout, sharp bills. They are big-headed, short-tailed birds, 9–30 cm (3.5–12 inches) long, greenish or brownish, with splashes of bright colours or white. The smallest barbets are known as tinkerbirds. The distribution of the family spans Central America to northern South America; sub-Saharan Africa; and Southeast Asia, eastward only to Borneo and Bali. All are nonmigratory.
- হেডCommon Noun
এটা পৰিয়াল বা বংশৰ প্ৰধান ব্যক্তি।
The main person of a family or clan.
- হেডচাৰhed.sarCommon Noun
স্কুলৰ সকলোতকৈ জ্যেষ্ঠ পুৰুষ শিক্ষকগৰাকী ৷
The senior most male teacher and leader of a school who convey knowledge to students.
- হেডপণ্ডিতhed.pon.ditCommon Noun
স্কুলৰ সকলোতকৈ জ্যেষ্ঠ পুৰুষ শিক্ষকগৰাকী ৷
The senior most male teacher and leader of a school who convey knowledge to students.
- হেডফোনhed.pho`nMaterial Noun
মুৰৰ ওপৰেৰে মেৰিয়াই, দুকাণত লগাই শুণা শ্ৰৱণ যন্ত্ৰ৷
small loudspeaker (earphone) held over the ear by a band or wire worn on the head.
- হেণ্ডেলheṇḍelaNoun
কোনো সঁজুলি বা যন্ত্ৰ ধৰিবৰ বা চলাবৰ নাল
handle
- হেতাhetāNoun
ভাত-আঞ্জা আদি বাঢ়িবলৈ বা কাঢ়িবলৈ ব্যবহাৰ কৰা দীঘল নাল লগোবা যতন; কৰচলি
a ladle
- হেতা-ওপৰাhetā-oparāNoun
একেটা কামতে বা একেটা বস্ত্তৰ বাবে কেইবাজনেও কৰা ওপৰা-উপৰি বা কঢ়া-আঁজোৰা
scrambling; meddling
- হেতামাৰিhetāmāriNoun
সাঁকো পাৰ হওঁতে ধৰি যাবলৈ বান্ধি দিয়া বাঁহ।
- হেতালিhetāliNoun
হাতালি।
- হেতুhetuNoun
কাৰণ; প্ৰয়োজন; যুক্তি; . অব্য. কাৰণে; নিমিত্তে; বাবে
cause; reason; ground ; because of for the reason of
- হেতুকhe.tukAbstract Noun
কোনো কাম, সিদ্ধান্ত, বা আৰোপৰ মূল বিষয় ৷
The basis or motive for an action, decision, or conviction.
- হেতুবাদhe.tu.badAbstract Noun
কাৰণ আৰু ফল বা প্ৰভাৱৰ মাজৰ সম্পৰ্ক
relation between the cause or causes with effect