কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিন্দনnin.donAbstract Noun
ভীষণ বেয়া পোৱা ভাৱ প্ৰকাশ কৰা
expression of strong disapproval
- নিন্দাNoun
দুৰ্নাম; অপযশঃ তিৰস্কাৰ
slander; ridicule
- নিন্দাবাদnin.da.badAbstract Noun
লজ্জাজনক, অপৰাধমূলক বা হিংসামূলক কাৰ্য্যকলাপৰ পৰিণতিত হোৱা অতি বেয়া খ্যাতি, জনৰোষ বা তীব্ৰ নিন্দা।
extremely bad reputation, public reproach, or strong condemnation as the result of a shameful, criminal, or outrageous act.
- নিন্দুকNoun
নিন্দা কৰা মানুহ; যি নিন্দা কৰে
a reviler
- নিপতনnipatanaNoun
তললৈ পতন।
- নিপাতnipātaNoun
নাশ; ধ্বংস; মৱত্যু
death; destruction
- নিপাতনnipātanaNoun
ব্যাকৰণৰ সূত্ৰমতে শব্দ গঠিত নহৈ অলপ বেলেগ-ৰূপে গঠিত হোবা
irregular formation of words (in grammer)
- নিপীড়কni.pi.rokCommon Noun
আনক যাতনা বা শাৰীৰিক,মানসিক কষ্ট দিয়া লোক
a person who causes sombebody to suffer, he who torments
- নিপীড়নnipīṛanaNoun
উৎপীড়ন; দলন; বিণ. নিপীড়িত, যাক নিপীড়ন কৰা হৈছে; নিপীড়ক যি নিপীড়ন কৰে।
- নিপুণতাni.pu.no.taAbstract Noun
নিজৰ জ্ঞান আৰু অভ্যাসৰ দ্বাৰা কোনো কাম কৰিব পৰা সামৰ্থ্য বা যোগ্যতা
the ability of sb to carry out certain task by virtue of knowledge and practice
- নিবnibaNoun
কলমৰ মুখ।
nib
- নিবন্ধnibandhaAdjective
বন্ধা; বান্ধ খোবা; আবদ্ধ
bound; confined
- নিবন্ধকnibandhakaNoun
পঞ্জীয়ক
registrar
- নিবন্ধকাৰni.bon.dho.karCommon Noun
প্ৰবন্ধ লিখক৷
a person who writes essays, especially as a literary genre.
- নিবন্ধন-পত্ৰNoun
লিখা চুক্তি; কথা বন্ধা কাকত
a written agreement
- নিবহnibahaNoun
সমূহ।
- নিবাতকবচnibātakabacaNoun
মহাপৰাক্ৰমী এজাক অসূৰ; যেনে-"পাছে দুষ্ট দৈত্যগণ দিবাতকবচ" (কিৰাত-পৰ্ব্ব)।
- নিবাসnibāsaNoun
থকা ঠাই
residence
- নিবাৰni.barAbstract Noun
যিটো সময়ত কোনো চলি থকা ক্ৰিয়া, ঘটনা বা প্ৰক্ৰিয়া বন্ধ হয় বা সম্পূৰ্ণ হয়৷
The point in time when an action, an event, or a phenomenon ceases or is completed.
- নিবাৰণNoun
নিষেধ বা বাধাকৰণ, মানা কৰা বা গুচোবা কাৰ্য্য
the act of preventing or opposing