কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হেঁপাhem̐pāIntransitive verb
ঘনে ঘনে উশাহ ল; ফোঁপা
to pant; to breathe hard
- হেঁপাহhem̐pāhaNoun
হাবিয়াহ; কোনো বস্ত্ত পাবলৈ অত্যন্ত অভিলাষ; হুতাহ
longing
- হেঁফনিhem̐phaniNoun
কোনো কথা বা কামত বাধা জন্মাবৰ অৰ্থে চকু পকাই মৰা ভেকাহি
an angry frown expressing prohibition to someone from doing a thing
- হেঁহনিhem̐haniNoun
ঘোঁৰাৰ মাত বা ঢেক্ঢেকনি
the neighing of a horse
- হেংগামhang.gamAbstract Noun
(ক) অশান্তি, বিপত্তি বা আমনিৰ কাৰণ বা উত্স কোনো বস্তু বা মানুহ।(খ) অশান্তি, বিপত্তি, আমনি আদি।
[a] something or someone that is a cause or source of disturbance, distress, annoyance, etc.[b] the disturbance, distress, annoyance etc.
- হেংগেমheng.gemAbstract Noun
(ক) অশান্তি, বিপত্তি বা আমনিৰ কাৰণ বা উত্স কোনো বস্তু বা মানুহ।(খ) অশান্তি, বিপত্তি, আমনি আদি।
[a] something or someone that is a cause or source of disturbance, distress, annoyance, etc.[b] the disturbance, distress, annoyance etc.
- হেংদাংhendāmNoun
আহোম ৰজাই বা সেই কালৰ ডাঙৰ লোকে ব্যবহাৰ কৰা তৰোবাল
a kind of sword used during the Āhom king's time
- হেংদালিMaterial Noun
লতা জাতীয় গছ বগাবলৈ পাতি দিয়া চাং
A frame, structure or platform often made of bamboo, used to support the growth of creeper plants
- হেকানhekānaNoun
আগেয়ে কৰা উপকাৰ সোঁবৰাই লাজ দিয়া কাৰ্য্য
the act of taunting a person by reminding him of favour conferred before
- হেকাৰhe.karCommon Noun
কম্পিউটাৰৰ যিকোনো সুৰক্ষা নিয়ন্ত্ৰণ ভাঙি আনৰ ফাইল বা গোপন নথি-পত্ৰ চোৰ কৰা ব্যক্তি৷
a person who breaks into computers, usually by gaining access to administrative controls.
- হেকিমNoun
চিকিৎসক; বেজ; বিদ্বান।
- হেক্টৰAbstract Noun
দহ হাজাৰ বৰ্গ মিটাৰ পৰিমাণৰ মাটিৰ জোখ৷
a unit of measurement of an area of land (10, 000 m2)
- হেক্হেকনিhekhekaniNoun
হেক্হেকাই কোবা কথা; খেচ্খেচনি; ঘনে ঘনে টান কথা কৈ দিয়া বিৰক্তি
the act of vexing by importuning or dunning
- হেঙা-জকাইheṅā-jakāiNoun
এবিধ মাছ ধৰা সেৰেঙা আৰু ডাঙৰ জকাই
a kind of large bamboo-scoop used in catching fish
- হেঙা-পুঙাheṅā-puṅāNoun
জঞ্জাল; বাধা-বিঘিনি
trouble; obstacle
- হেঙালhe.ngalCommon Noun
দীঘলীয়া মুখ আৰু ডাঙৰ ওলমি থকা কাণে থকা, সাধাৰণতে চিকাৰৰ বাবে প্ৰশিক্ষণ দিয়া এজাতি কুকুৰ
one of any of several breeds of dogs trained to pursue game either by sight or by scent, especially one with a long face and large drooping ears
- হেঙাল, হেঙাল কুকুৰheṅāla, heṅāla, kukuraNoun
এজাতি পহু-চিকাৰত পাৰ্গত ডাঙৰ চোকা কুকুৰ
a hound
- হেঙাল-কুকুৰhe.ngal-ku.kurCommon Noun
দীঘলীয়া মুখ আৰু ডাঙৰ ওলমি থকা কাণে থকা, সাধাৰণতে চিকাৰৰ বাবে প্ৰশিক্ষণ দিয়া এজাতি কুকুৰ
one of any of several breeds of dogs trained to pursue game either by sight or by scent, especially one with a long face and large drooping ears
- হেঙাল-কুত্তাheṅāla-kuttāNoun
"হেঙাল্ কুকুৰ" চোবাঁ; যেনে-"তিনিটা হেঙাল-কুত্তা এৰাই লৰ দিল" (বঘাসুৰ-বধ)।
- হেঙাৰheṅāraNoun
"হেঙেৰা" চোবাঁ।